ETV Bharat / state

লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

author img

By

Published : Jan 25, 2022, 9:08 AM IST

লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ নাহৰকটীয়াত প্ৰত্যাখ্যান ৰাইজৰ (Lurin's AJP losses Thengal Kachari Election ) ৷ ফটকা-ফুলজাৰি ফুটাই আনন্দ উল্লাস বিজেপি কৰ্মীৰ (BJP workers celebrate victory in Thengal Kachari Election)৷

lurins-ajp-losses-thengal-kachari-election
লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

মৰাণ,25 জানুৱাৰী: সোমবাৰে ঘোষণা কৰা ঠেঙাল কছাৰী নিৰ্বাচন(Thengal Kachari Election result)ত ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থী মণ্ডিত বড়াই ৮৮৩ টা ভোটত জয়লাভ কৰে (BJP won in Thengal Kachari Autonomous Council Election) । বিজেপি প্ৰাৰ্থী মণ্ডিত বড়াই ১৭০৩ টা ভোট লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কুশৰাম বড়াই লাভ কৰে ৮৮৩টা ভোট।

লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

নিৰ্বাচনত জয়লাভ কৰাৰ পিছতেই প্ৰাৰ্থী গৰাকীয়ে নিজা চহৰ নাহৰকটীয়াত উপস্থিত হৈ পোনে পোনে ৰাওনা হয় বিধায়ক তৰংগ গগৈৰ বাসগৃহলৈ ৷ তাতে প্ৰাৰ্থী মণ্ডিত বড়াক বিধায়ক তৰংগ গগৈৰ লগতে দলৰ কৰ্মকৰ্তা সকলে ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মিঠাই খুৱাই, ফটকা-ফুলজাৰি ফুটাই ফুটাই আনন্দ উল্লাস কৰে। ইফালে প্ৰাৰ্থী গৰাকীয়ে অনাগত সময়ত সমষ্টিটোৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখযোগ্য যে লুৰীণজ্যোতিৰ গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে এই নিৰ্বাচনত একেলগে প্ৰাৰ্থী প্ৰদান কৰিছিল ৷ অৱশ্যে, বিধান সভা নিৰ্বাচনৰ দৰেই পুনৰ নাহৰকটীয়াৰ ৰাইজে লুৰীণ জ্যোতি গগৈৰ অসম জাতীয় পৰিষদক ঠেঙাল কছাৰী নিৰ্বাচনতো প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হয় (Lurin's AJP losses Thengal Kachari Election ) ।
লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচনত শশী-শ্বেৰমানৰ ভূমিকাই নিৰ্ণয় কৰিব কংগ্ৰেছৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.