ETV Bharat / state

Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !

author img

By

Published : Jan 25, 2022, 4:02 PM IST

Nagaon police encounter
নগাঁও ঘটনাৰ সন্দৰ্ভত অংকিতা দত্ত

অসমৰ কংস মামাই যুৱকসকলক চাকৰি দিম বুলি কৈ নিদিলে ৷ বুলেট দিম বুলি কৈ আঁঠুৰ তলত বুলেট দিলে যুৱকক ৷ মামা হিচাপে পৰিচিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে এনেদৰে ক’লে অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই (APYC leader Ankita Dutta on Cm Himanta Biswa Sarma) ৷

নগাঁও, 25 জানুৱাৰী: নিৰ্বাচনৰ পূৰ্বে অসমৰ যুৱকসকলক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি চাকৰি নিদিলে হিমন্ত বিশ্ব শৰ্মাই (One lakh jobs assurance by Assam Government) ৷ যুৱকসকলক বুলেট দিম বুলি আঁঠুৰ তলতহে বুলেট দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীক কংস মামা হিচাপে আখ্যা দি নগাঁৱৰ প্ৰতিবাদস্থলীত এনেদৰে ক’লে অংকিতা দত্তই ৷

নগাঁৱৰ প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীওৱাৰ প্ৰতিবাদত মঙলবাৰেও উত্তাল হৈ পৰে নগাঁও (Nagaon police encounter)। শনিবাৰে সন্ধিয়া ড্ৰাগছৰ তালাচীৰ নামত কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক আৰক্ষীয়ে গুলীয়াই আহত কৰাৰ পিছৰে পৰা আৰম্ভ হোৱা উত্তেজনা আজিও অব্যাহত আছে সমগ্ৰ নগাঁৱৰ লগতে ৰাজ্যখনত । মঙলবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্য্যসূচী (Assam Pradesh Youth Congress protest in Nagaon) ।

নগাঁও ঘটনাৰ সন্দৰ্ভত অংকিতা দত্ত

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত উপস্থিত থাকে প্ৰতিবাদী কাৰ্যসূচীত । নগাঁও জিলা কংগ্ৰেছ কাৰ্য্যালয়ৰ সমদল কৰি নগাঁও মহাবিদ্যালয়ৰ সমীপত উপস্থিত হয় যুৱ কংগ্ৰেছৰ নেতা, কৰ্মীসকল । নগাঁও মহাবিদ্যালয়ৰ সমীপত নগাঁও চহৰৰ মূল পথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়ে কংগ্ৰেছীসকলে ।

এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাক গুলীয়াই আহত কৰা ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে প্ৰতিবাদকাৰীসকলে । আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতৃত্বত মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই । এনকাউণ্টাৰৰ বিৰোধিতা কৰি অসমত ইউ পি ৰাজ চলিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিয়ে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই ।

দীর্ঘসময় পথ বন্ধ কৰি ৰখাৰ ফলত নগাঁও চহৰত যাতায়ত একপ্ৰকাৰ স্তব্ধ হৈ পৰে । পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে পথ মুকলি কৰি দিয়ে ।

লগতে পঢ়ক: নিৰাপৰাধী লোকক অপৰাধী সজোৱা সহ্য কৰা নহ'ব : সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.