ETV Bharat / city

নিৰাপৰাধী লোকক অপৰাধী সজোৱা সহ্য কৰা নহ'ব : সাংসদ প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Jan 25, 2022, 2:14 PM IST

Updated : Jan 25, 2022, 2:25 PM IST

...ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত নিৰাপৰাধী লোকক অত্যাচাৰ কৰাটো সহ্য কৰা নহ'ব... ’’ সোমবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই বুলি মন্তব্য কৰে (MP Pradyut Bordoloi criticises Nagaon Police) ৷ আৰক্ষীৰ এনে কাণ্ডৰ বাবে চৰকাৰেই জবাবদিহি হ'ব বুলিও সকিয়াই দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

mp-pradyut-bordoloi-criticises-nagaon-police
নিৰাপৰাধী লোকক অপৰাধী সজোৱা সহ্য কৰা নহ'ব

নগাঁও, 25 জানুৱাৰী : ''আৰক্ষীয়ে এতিয়া গুৰু গোঁসাই নমনা হৈছে ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত নিৰাপৰাধী লোকক অত্যাচাৰ কৰাটো সহ্য কৰা নহ'ব... ’’ সোমবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই বুলি মন্তব্য কৰে (MP Pradyut Bordoloi Pradyut at Kirtikamal Bora's house ) ৷ লগতে প্ৰাক্তন ছাত্ৰ নেতাজনক অন্যায়ভাৱে আৰক্ষীয়ে ড্ৰাগছৰ সৈতে জড়িত কৰিছে বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi criticises Nagaon Police) । সম্প্ৰতি সাংসদ গৰাকীৰ এই মন্তব্যই সমগ্ৰ ৰাজ্যতেই তোলপাৰ লগাইছে ৷

লগতে প্ৰাক্তন ছাত্ৰ নেতা হিচাপে সামাজিক দায়বদ্ধতাৰ খাতিৰত এজন যুৱকক মাৰপিট কৰা সাধাৰণ পোছাকত থকা আৰক্ষীৰ লোকক কীৰ্তিমল বৰাই সোধ পোছ কৰিছিল বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ ড্ৰাগছ সৰবৰাহী সজাই ভৰিত গুলীওৱাৰ উপৰিও নগাঁও আৰক্ষীয়ে ভৰিৰে গছকি ভৰিৰ হাড় ভাঙি দিয়াৰ লগতে কীৰ্তিকমল বৰাৰ পকেটত আৰক্ষীয়েই ড্ৰাগছৰ কণ্টেইনাৰ সোমোৱাই ৰখা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ আৰক্ষীৰ এনে কাণ্ডৰ বাবে চৰকাৰেই জবাবদিহি হ'ব বুলিও সকিয়াই দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

উল্লেখ্য যে, গাঁও চহৰৰ উপকণ্ঠত শনিবাৰে কচলুখোৱাত সংঘটিত হৈছিল আৰক্ষীৰ গুলীচালনাৰ এটা ঘটনা (Nagaon police encounter) ৷ এই ঘটনাত কীৰ্তিকমল বৰা নামৰ এজন যুৱক আৰক্ষীৰ গুলীত আহত হয় ৷ জানিব পৰা মতে, অসুস্থ মাতৃৰ বাবে ঔষধ কিনিবলৈ যোৱাৰ বাটতে অনাকাংক্ষিতভাৱে আৰক্ষীৰ গুলীত আহত হৈছিল প্ৰাক্তন ছাত্ৰনেতাজন (Student Leader Shot by Police in Nagaon) ৷

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই চাঞ্চল্যৰ সৃষ্টি হয় নগাঁও জিলাৰ লগতে সমগ্ৰ ৰাজ্যত (Kirtikamal Bora's encounter in Nagaon) ৷ আৰক্ষীৰ এই কাণ্ডক গৰিষ্ঠ সংখ্যকেই কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ ক্ষমতাত বলীয়ান হৈ আৰক্ষীয়ে নিজ খেয়াল খুচি মতে নিৰ্বিচাৰভাৱে এনকাউন্টাৰ কৰা বুলিও একাংশই দাবী কৰিছে ৷ ইয়াৰ মাজতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে নগাঁৱত জোৱাৰ উঠে প্ৰতিবাদৰ (Public protest againts IPS Anand Mishra) ৷

লগতে পঢ়ক : কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

Last Updated :Jan 25, 2022, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.