ETV Bharat / state

TET teacher to protest in Assam: প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ৰাজ্য

author img

By

Published : Jan 25, 2022, 4:40 PM IST

পুনৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ৰাজ্য । ১ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে (Primary TET teacher to protest in Assam)। তেওঁলোকৰ দাবী মানি নল'লে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ ।

TET teacher to protest in Assam
প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ৰাজ্য

গুৱাহাটী,২৫ জানুৱাৰী : পহিলা ফেব্ৰুৱাৰীৰ দিনাখনে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ৪০ হাজাৰ প্ৰাথমিক টেট শিক্ষকে । কেইবাটাও দাবীৰে শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে আন্দোলন কৰিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলে (Primary TET teacher to protest in Assam)। সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এই কথা ঘোষণা কৰে ।

সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে কয় যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত নিযুক্তিপ্ৰাপ্ত সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলক ২০১৩ চনৰ পৰা আৰ অ' পি অনুযায়ী দৰমহা প্ৰদান কৰা হৈছিল । ইয়াৰ পাছত পুনৰ ২০২০ চনৰ ১ জুলাইত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যপালে এক নিৰ্দেশনা প্ৰকাশ কৰিছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে শিক্ষা বিভাগ তথা সৰ্বশিক্ষাই ৰাজ্যপালৰ নিৰ্দেশনা ভংগ কৰিছে ।

প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ৰাজ্য

সৰ্বশিক্ষাৰ অধীনৰ টেট উত্তীৰ্ণ শিক্ষকসকলে বৰ্দ্ধিত মৰগীয়া বানচ, বকেয়া, মেডিকেল ৰিম্বাৰ্চমেন্টৰ সুবিধা, বেংক লোণৰ সুবিধা লাভ কৰিব লাগে যদিও এই সুবিধাসমূহ চৰকাৰে প্ৰদান কৰা নাই । বিভাগ তথা বিভাগীয় মন্ত্ৰীৰ অৱহেলাৰ বাবে শিক্ষকসকলে আন্দোলনৰ পথ ল'বলৈ বাধ্য হৈছে ।

সংগঠনটোৱে বহুবাৰ বিভাগীয় মন্ত্ৰী, শিক্ষা বিভাগ তথা সৰ্বশিক্ষাক প্ৰাপ্য প্ৰদানৰ বাবে দাবী জনাই আহিছিল যদিও কোনো সঁহাৰি লাভ নকৰাৰ বাবে ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে । যাৰ বাবে ১ ফেব্ৰুৱাৰীত শিক্ষক সমাজৰ প্ৰতিনিধিৰ জৰিয়তে জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ইয়াৰ পিছতো শিক্ষা বিভাগে সঁহাৰি নিদিলে গুণোৎসৱ আদিকে ধৰি অন্যান্য বিভাগীয় বিষয়বোৰত সহযোগ নকৰাৰ হুংকাৰ শিক্ষকসকলৰ । শিক্ষক সমাজৰ দাবীক গুৰুত্ব প্ৰদান নকৰিলে শিক্ষক সমাজে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :Assam Police constable Recruitment : পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.