ETV Bharat / city

Assam Police constable Recruitment : পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

author img

By

Published : Jan 25, 2022, 8:10 AM IST

সম্প্ৰতি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া (Assam Police constable Recruitment) লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷ সোমবাৰে চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত একাংশ যুৱকে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে (Protest of police constable candidates at Dhubri) ৷

protest-of-police-post-candidates-at-dhubri
পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

ধুবুৰী, 25 জানুৱাৰী : সম্প্ৰতি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ লগতে চৰ্চাৰ বিষয় হৈ পৰিছে । যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল গণি গণি এক লাখ নিবনুৱাক চাকৰিত নিযুক্তিৰ (One lakh jobs assurance)৷ সেইসময়তে সোমবাৰে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত কাট অফ মাৰ্ক মতে বাচনি হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই একাংশ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদত বহিল(Candidates protest at Dhubri) ৷

পুনৰ বিৰ্তকৰ মাজত অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া

প্ৰাপ্ত তথ্য অনুসৰি, অসম আৰক্ষীৰ ডি জি পি কাৰ্য্যালয়ৰ সন্মুখত প্ৰথম তালিকাত একাংশ বঞ্চিত প্ৰাৰ্থীয়ে প্ৰতিবাদ কৰাৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এখন নতুন তালিকা প্ৰকাশৰ আশ্বাস প্ৰদান কৰিছিল ৷ ইয়াৰ পিছতেই জাঙুৰ খাই উঠিছে প্ৰথম তালিকাত নিৰ্বাচিত হোৱা একাংশ প্ৰাৰ্থী ৷ চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত এইবাৰ প্ৰতিবাদ সাব্য স্ত কৰিলে আন একাংশ প্ৰাৰ্থীয়ে ৷

ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে (Protest of police constable candidates at Dhubri) তেওঁলোকে ৷

সোমবাৰে হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদত লিপ্ত হয় প্ৰাৰ্থী সকল ৷ লগতে দ্বিতীয় তালিকা প্ৰকাশ কৰিলে প্ৰয়োজনত আইন হাতত তুলি লোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, ২০১৮-১৯ বৰ্ষত অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে ৰাজ্যৰ জিলা সমূহৰ পৰা ৬,৬৬২ টা পদৰ আবেদন বিচৰা হৈছিল (Assam Police constable Recruitment) । পৰৱৰ্তী সময়ত আৰক্ষী সঞ্চালক প্ৰধানে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ হাতত ল’ব সেয়া সময়েহে নিৰ্ধাৰণ কৰিব ৷

লগতে পঢ়ক : New SOP in Assam: অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.