ETV Bharat / state

New SOP in Assam: অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান

author img

By

Published : Jan 24, 2022, 10:54 PM IST

New SOP in Assam
অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান

সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন এছ অ’ পি (New SOP in Assam)৷ জাৰি কৰিলে একাধিক নিৰ্দেশনা ৷

গুৱাহাটী, ২৪ জানুৱাৰী: ৰাজ্যত প্ৰকাশ পালে নতুন এছ অ’ পি (New SOP in Assam) ৷ পূৰ্বৰ এছ অ’ পিৰ সামান্য পৰিৱৰ্তন কৰি ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন এছ অ’ পি । শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জাৰি কৰিছে নতুন এছ অ' পি ।

ক'ৰনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা বিদ্যালয়ত বন্ধ ঘোষণা কৰা হৈছে কৰা হৈছে অষ্টম শ্ৰেণীলৈকে পাঠদান (SOP for schools in Assam) ৷ পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নকৰা পৰ্যন্ত বিদ্যালয়সমূহে অষ্টম শ্ৰেণীলৈ অনলাইন পদ্ধতিত পাঠদান কৰিব লাগিব (Online class up to eight standard) । সোমবাৰে প্ৰকাশ কৰা এছ অ’ পিত ৰাজ্য চৰকাৰে এই কথা উল্লেখ কৰিছে ।

আনহাতে স্নাতক, স্নাতকোত্তৰ লগতে অন্যান্য শ্ৰেণীসমূহ বাহাল থাকিব । পূৰ্বতে কেৱল কামৰূপ(ম) জিলাতহে অষ্টম শ্ৰেণীলৈকে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল । ৰাজ্য অন্য জিলাত পঞ্চম শ্ৰেণীলৈ বন্ধ হৈ আছিল শ্ৰেণীকোঠাৰ পাঠদান ।

গণৰাজ্য দিৱসৰ ক্ষেত্ৰতো ঘোষণা কৰা হৈছে কেতবোৰ নিৰ্দেশনা । গুৱাহাটীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এহেজাৰতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব । জিলাভিত্তিক কাৰ্যসূচীত ৫০০ আৰু গণৰাজ্য দিৱসৰ অন্যান্য কাৰ্যসূচীত ২০০ জন লোক উপস্থিত থকাৰহে অনুমতি দিয়া হৈছে । গণৰাজ্য দিৱসৰ আগৰ আৰু পিছৰ কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ আহ্বন জনোৱাৰ লগতে পেৰেডত কোনো ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব নোৱাৰিব ।

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈ উঠিছে বাক্সা আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.