ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

author img

By

Published : Jan 25, 2022, 6:42 PM IST

Gen Rana Pratap Kalita appointed as GOC in Chief

অসম সন্তান তথা ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ তেওঁ প্ৰথমজন সেনা বিষয়া ৷

গুৱাহাটী, 25 জানুৱাৰী : গণ ৰাজ্য দিৱসৰ প্ৰাক ক্ষণত অসমলৈ আহিছে এটা সুখবৰ ৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief হিচাপে দায়িত্ব গ্ৰহণ কৰিছে অসম সন্তান তথা সেনাৰ লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাই (Gen Rana Pratap Kalita appointed as GOC in Chief)। এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ তেওঁ প্ৰথমজন সেনা বিষয়া ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ পৰা লেফটেনেন্ট জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিছিল ।

নৱনিযুক্ত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief জনক প্ৰথমে ১৯৮৪ চনত ৯ নং কুমাও ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল । তেওঁ শ্ৰীনগৰত ১৫ কৰ্পচৰ ব্ৰিগেডিয়াৰ পদবীত ১৯ ইনফেনট্ৰী ডিভিজনৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ১৩ আৰ আৰ বেটেলিয়ন আৰু লক্ষ্ণৌত ৭১ ইনফেনট্ৰী ব্ৰিগেডৰ নেতৃত্ব দিছিল । তেওঁ সেনাৰ মুখ্য কাৰ্যালয়ত বিভিন্ন বিভাগীয় আৰু পৰামৰ্শদাতা পদবীতো কাৰ্যনিৰ্বাহ কৰিছিল ।

সামৰিক বাহিনীলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কলিতাই ইতিপূৰ্বে সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেলেৰ দ্বাৰা সন্মানিত হয় (Military honour to Gen Rana Pratap Kalita)। সেনা বিষয়াজনৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত । গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ কলিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীৰো প্ৰাক্তন ছাত্ৰ ।

লগতে পঢ়ক : Prestigious President Police Medal: এডিজিপি হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.