ETV Bharat / state

Guwahati traffic problem: ধোঁৱাচাঙত GMDAৰ 'Comprehensive Mobility Plan'

author img

By

Published : Jan 25, 2022, 4:31 PM IST

মহানগৰীত পদপথ, পদদলং, উৰণীসেতু আৰু পথবিভাজক নিৰ্মাণ কৰি আছে যদিও মহানগৰীৰ যান-জঁটৰ সমস্যা (Traffic problems in Guwahati) সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই । গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ‘কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন’ চমুকৈ চি এম পি নামেৰে গুৱাহাটীৰ যান-বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাবে এই পৰিকল্পনা যুগুতকৰণৰ লক্ষ্য লৈছিল ৷ এই সন্দৰ্ভত নিবিদাও আহ্বান কৰা হৈছিল যদিও পিছত সকলো স্তব্ধ হৈ পৰিল ।

Guwahati traffic problem
ধোঁৱাচাঙত GMDAৰ Comprehensive Mobility Plan

গুৱাহাটী,২৫ জানুৱাৰী : ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি গুৱাহাটী মহানগৰীত পদপথ, পদ দলং, উৰণীসেতু আৰু পথবিভাজক নিৰ্মাণ কৰি আছে যদিও মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে গুৱাহাটীৰ যান-জঁটৰ সমস্যাই ক্ৰমাৎ এক জটিল সমস্যাৰূপে গা কৰি উঠিছে (Traffic problems in Guwahati) ৷ তীব্ৰ যান-জঁটৰ বাবে গুৱাহাটীত এতিয়া যাতায়াত কৰাটো অতিকৈ কষ্টসাধ্য হৈ পৰিছে ৷

মহানগৰীৰ গুৱাহাটী-শ্বিলং পথ, গোপীনাথ বৰদলৈ-মণিৰাম দেৱান পথ, দীনেশ গোস্বামী পথ, মহাত্মা গান্ধী পথ, ৰাধাগোবিন্দ বৰুৱা পথ, ৰাজেন্দ্ৰ প্ৰসাদ পথ, মাদাৰ টেৰেছা পথ, ৰাজগড় পথ আৰু এ কে আজাদ পথ আৰু এ টি ৰোড আদিত যান-জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ৷ মহানগৰীৰ ৰাজপথৰ দাঁতিত অবৈধ পাৰ্কিং, চিটীবাছবিলাকৰ দৌৰাত্ম্য, ব্যক্তিগত বাহনৰ চলাচল বৃদ্ধি আৰু যান-বাহন আৰক্ষীৰ নিয়ন্ত্ৰণহীনতা আদি কাৰকবোৰে যান-জঁট বৃদ্ধিত অৰিহণা যোগাই আহিছে ৷ গুৱাহাটী মহানগৰীৰ জনসংখ্যা বৃদ্ধি আৰু তাৰ লগতে যান-বাহনৰ সংখ্যাৰ বৃদ্ধিয়ে গুৱাহাটীৰ বৰ্তমানৰ এই যান-জঁটৰ সমস্যাক অনাগত দিনত অধিক ভয়াৱহ কৰি তুলিব ৷

Guwahati traffic problem
ধোঁৱাচাঙত GMDAৰ Comprehensive Mobility Plan

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ২০১০ চনত জনসংখ্যা আছিল ১২,৪৪,৭১৩ ৷ ইয়াৰ বিপৰীতে ২০১৫ চনত ১৪,৯৮,৯৭০, ২০২০ চনত ১৮,০৫,১৬৩ আৰু ২০২৫ চনলৈ সংখ্যা ২১,৭৩,৯০২ লৈ বৃদ্ধি হোৱাৰ তথ্য চৰকাৰী সমীক্ষাত প্ৰকাশ কৰা হৈছে ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীত চলোৱা এক সমীক্ষা অনুযায়ী মহানগৰীৰ ৰাজপথত চলাচল কৰা ব্যক্তিগত বাহনৰপৰা আৰম্ভ কৰি ৰাজহুৱা বাহনৰ সংখ্যা অনাগত সময়ত অভূতপূৰ্বভাৱে বৃদ্ধি পাব ৷

প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ কৰা মতে, ২০০৪ চনত গুৱাহাটীৰ ৰাজপথত প্ৰতিদিনে চলাচল কৰা ১০,৯৪৯ খন দুচকীয়া বাহনৰ সংখ্যা ২০২৫ চনত ৬০,২১৯ খনলৈ বৃদ্ধি হ’ব ৷ ঠিক সেইদৰে ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ৩,৯৩৯ খন অটোৰ সংখ্যা ২০২৫ চনত ১৪,৯৫৭ খনলৈ বৃদ্ধি হ’ব ৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১৫,৪৭৫ খন ব্যক্তিগত কাৰৰ সংখ্যা ২০২৫ চনত ৬৬,৯৪২ খনলৈ বৃদ্ধি হ’ব ৷

২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১,৬০৮ খন চিটীবাছৰ সংখ্যা ২০২৫ চনত ২,০১৩ খনলৈ বৃদ্ধি পাব ৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১১,৯৬৭ খন সামগ্ৰী কঢ়িওৱা বাহনৰ সংখ্যা ২০২৫ চনত ৩৮,৭৬৪ খনলৈ বৃদ্ধি হ’ব ৷ প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহানগৰীৰ ভিতৰত ১৮.২ শতাংশ মানুহে খোজকাঢ়ি, ৪৪.৫ শতাংশ মানুহে ব্যক্তিগত বাহনত, ৩০.২ শতাংশ মানুহে বাছত আৰু ৬.৭ শতাংশ মানুহে চাইকেল আদি অন্যান্য বাহনেৰে যাতায়াত কৰে ।

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ যান-জঁটৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰায় ৯ বছৰ পূৰ্বে এটা দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আগবাঢ়িছিল ৷ প্ৰাধিকৰণে ‘কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন’(Comprehensive Mobility Plan) চমুকৈ চি এম পি নামেৰে গুৱাহাটীৰ যান-বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাবে এই পৰিকল্পনা যুগুতকৰণৰ লক্ষ্য লৈছিল ৷ এই সন্দৰ্ভত নিবিদাও আহবান কৰা হৈছিল যদিও পিছত সকলো স্তব্ধ হৈ পৰিল (GMDA failed to implement CMP) ৷

লক্ষণীয়ভাৱে প্ৰাধিকৰণে গুৱাহাটীৰ বাবে প্ৰস্তুত কৰা সাধাৰণ মাষ্টাৰ প্লেনখন দীৰ্ঘদিন ধৰি ধোঁৱাচাঙত তুলি থোৱাত মহানগৰীবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একেদৰে যান-বাহন আৰু ৰাজহুৱা পৰিবহণৰ বাবে যুগুত কৰিবলৈ বিচৰা বিস্তাৰিত পৰিকল্পনা আৰম্ভণিৰ পৰ্যায়তে স্তব্ধ হৈ পৰে ৷ ৰাজধানী মহানগৰীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলত হোৱা দ্ৰুত নগৰীকৰণ আৰু বদ্ধিৰ্ত জনসংখ্যাৰ চাপ হ্ৰাস কৰিবলৈ এনে পৰিকল্পনাৰ আৱশ্যকতা দীৰ্ঘদিনৰপৰা অনুভৱ কৰা হৈছে ৷ পৰিকল্পনা অবিহনে ৰাজধানী মহানগৰীৰ উন্নয়নৰ গতিত স্থবিৰতা অহাটো নিশ্চিত ৷

প্ৰাধিকৰণৰ সূত্ৰ এটাই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ স্বাভাৱিক উন্নয়নত সৃষ্টি হোৱা বাধাবিলাক অতিক্ৰম কৰিবলৈ পৰিকল্পনাটোত ২০১৫ চনৰ পৰা ৩০ বছৰ সময়ো স্থিৰ কৰা হৈছিল ৷ আগন্তুক তিনিটা দশকত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উল্লেখনীয় পৰিৱৰ্তন সাধন কৰি মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্য নিদ্ধাৰণ কৰা হৈছিল ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত ৰূপায়ণ হ’বলগীয়া এই পৰিকল্পনা প্ৰস্তুতি পৰ্বতে স্থবিৰ হৈ পৰাত চৰকাৰী সদিচ্ছাৰ অভাৱ স্পষ্ট হৈ পৰিছে ৷ গুৱাহাটী উন্নয়ন বিভাগৰ হস্তক্ষেপৰ বাবেই এই পৰিকল্পনা স্থবিৰ হৈ পৰা বুলিও অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে ৬ বছৰ পূৰ্বে দৈনিক প্ৰায় চাৰি লাখ যান-বাহন চলাচল কৰা গুৱাহাটী মহানগৰীত চৰকাৰীভাৱে পাৰ্কিং স্থান নিৰ্মাণত ব্যৰ্থ হোৱাৰ পিছত ‘কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন’ৰ স্থবিৰতাই আগন্তুক সময়ত যাতায়াত ব্যৱস্থা অধিক জটিল কৰাটো নিশ্চিত হৈ পৰিছে ৷ ইতিমধ্যে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কামো যোৱা ৬ বছৰ ধৰি কোনো অগ্ৰগতি হোৱা নাই ৷

লগতে পঢ়ক :গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.