ETV Bharat / city

আলফাৰ ভাবুকি নাথাকিলেও ধুবুৰীত গণৰাজ্য দিৱসলৈ আছে ভাবুকি

author img

By

Published : Jan 25, 2022, 10:41 AM IST

dhubri-police-takes-security-measure-before-republic-day
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈ উঠিছে ধুবুৰী আৰক্ষী

এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব আগন্তুক গণৰাজ্য দিৱস ৷ ধুবুৰী জিলাতো চলিছে গণৰাজ্য দিৱসৰ উদযাপনৰ প্ৰস্তুতি ৷ কিন্তু ইয়াৰ মাজতে নামি আহিছে ভাবুকি (Threat to republic day celebration in Dhubri) ৷ জানো আহক কি এই ভাবুকি ৷

ধুবুৰী, 25 জানুৱাৰী : দেশৰ 73 তম গণৰাজ্য দিৱসলৈ মাজত মাথোঁ কেইটামান মূৰ্হুৰ্ত ৷ ক'ভিড প্ৰট'কল মানি চলি গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে অসম (Assam is ready to celebrate Republic Day )। শেহতীয়াকৈ ৰাজ্যত ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গণৰাজ্য দিৱসৰ দিৱসৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা (SOP issued by the Assam State Disaster Management Authority) ।

ইফালে গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তে সষ্টম হৈ উঠিছে অসম আৰক্ষী ৷ ক’ভিডসৃষ্ট পৰিৱেশত ৰাজ্যত এইবাৰ অনুস্তুপিয়াকৈ উদযাপন কৰা হ'ব আগন্তুক গণৰাজ্য দিৱস ৷দেশ তথা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰতো আয়োজন কৰা হৈছে কেন্দ্ৰীয় গণৰাজ্য দিৱস ৷ এইবাৰ গণৰাজ্য দিৱস উদযাপনৰ সময়চোৱাতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিবাদ নকৰাৰ কথা ঘোষণা কৰিছে (ULFA I statement on Republic day celebration) ।

পিছে আলফা স্বাধীনৰ ভাবুকি নাথাকিলেও আন একাংশ উগ্ৰপন্থী সংগঠনৰ ভাবুকিৰ বাবেই সষ্টম হৈ পৰিছে ধুবুৰী প্ৰশাসন ৷ সেইমৰ্মে নিৰাপত্তাজনিত কাৰণত ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত প্ৰায় 32 টাকৈ চি চি টিভি কেমেৰা সংস্থাপনেৰে চোকা দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে (Dhubri police takes security measure before Republic Day) ৷

লগতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী জিলা সদৰ ধুবুৰী চহৰৰ লগতে সীমান্ত অঞ্চল সমূহত বি এছ এফ আৰু অসম আৰক্ষীৰ চেকেণ্ড লাইন ডিফেন্সৰ সহযোগত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি ৰাখিছে বুলি উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱে । কোনো উগ্ৰপন্থী সংগঠনৰ নিৰ্দিষ্ট ভাবুকি নাথাকিলেও নিৰাপত্তাৰ ক্ষেত্ৰত জিলা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই বুলি মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ।

আলফাৰ ভাবুকি নাথাকিলেও ধুবুৰীত গণৰাজ্য দিৱসলৈ আছে ভাবুকি

আনপিনে গণৰাজ্য দিৱস আৰু ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ আন্বামুথন এমপিয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । উক্ত নিৰ্দেশনা অনুসৰি দুয়োপালি ক‘ভিড প্ৰতিষেধক লোৱা ব্যক্তি আৰু দ্বিতীয় ক’ভিড প্ৰতিষেধকৰ সময় নোহোৱা ব্যক্তিহে ধুবুৰীৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পেৰেড কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব (vaccination compulsory to attend Republic Day celebration )। সমান্তৰালভাৱে মাস্ক পৰিধান নকৰা লোকক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নাই জিলা প্ৰশাসনে ।

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.