ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 12, 2022, 3:03 PM IST

top-10-at-3pm
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Film fraternity reaction on Pulok Gogoi death: অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ

যেন অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ ! জীৱন কালত কেৱল ছবি আৰু ৰং-তুলিকাৰ বাহিৰে আন একোৱেই ভাবিব নোৱৰা পুলক গগৈক শেষ বিদায় জনাবলৈ গৈ শোকাহত হৈ পৰিছে শিল্পী, গুণমুগ্ধকে ধৰি বহুজন (Film fraternity reaction on Pulok Gogoi's death) ৷ গগৈৰ মৃত্যুৰ লগে লগে যেন উভালি পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আৰু এজোপা বটবৃক্ষ !

HSLC exam form filling up: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্র পূৰণৰ দিন ঘোষণা ছেবাৰ

মেট্ৰিক পৰীক্ষাৰ বাবে ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা (SEBA announces HSLC exam forms filling up date)। ছাত্র-ছাত্রীসকলে ২০ ডিচেম্বৰৰ ভিতৰত আদায় দিব লাগিব মাচুল । দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই । আন পৰীক্ষাৰ্থীসকলে আদায় দিব লাগিব ২২০০ টকাকৈ মাচুল ।

Theft incident in Jorhat: যোৰহাটৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ

যোৰহাটৰ ৰাজপথত ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে মহিলাই ৷ পইচা চুৰিৰ অভিযোগত যুৱকক ৰাজপথেৰে চোঁচোৰাই চোঁচোৰাই নি আৰক্ষী থানা পোৱালেগৈ মহিলাগৰাকীয়ে(Women angry in the middle of the Jorhat main road) ৷

Jonai Murder Case: কালিং ময়ঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত জোনাইত ধৰ্ণা কাৰ্যসূচী

জোনাইত TMPK, MMK আৰু TMMK-ৰ বিশাল ধৰ্ণা কাৰ্যসূচী । কালিং ময়ঙৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচিৰ দাবীৰে উত্তাল সমগ্ৰ জোনাই (Missing organizations Protest at Jonai) ।

Sankardev Sangha Controversy: শংকৰ সংঘ বিতৰ্কত সৰৱ টাই আহোম সংগঠন

শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈক পদৰ পৰা অব্যাহতি ল'বলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে (Sankardev Sangha Controversy) । চকলং বিবাহ অনুষ্ঠানলৈ যোৱা বাবেই চাৰিটা পৰিয়ালক এঘৰীয়া কৰাৰ পিছত কমলাকান্ত গগৈসহ সংঘৰ কেইবাগৰাকী বিষয়ববীয়াই ক্ষমা বিচাৰিছিল আহোম জনগোষ্ঠীৰ ওচৰত (ATASU reacted on Sangkar Sangha controversy) ।

APDCL Increases Electricity Charge: প্রতি ইউনিটত ১৫ পইচাকৈ বৃদ্ধি বিদ্যুৎ মাচুল

অতিৰিক্ত ব্যয়ৰ জোৰা মাৰিবলৈ এ পি ডি চি এলৰ সিদ্ধান্ত । বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে (APDCL Decision to increase electricity charges) । ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্রাইজ এডজাষ্টমেণ্ট ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত । বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ বৃদ্ধি কৰা হ'ব মাচুল ।

Women self defence training: তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষণ

তেজপুৰ বিশ্ববিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণত ব্যস্ত এদল ছাত্ৰী (Women self defence training at Tezpur)। দিল্লীৰ প্ৰভাচৰণ কৌৰৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । প্ৰশিক্ষক প্ৰভাচৰণ কৌৰে কয় যে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ এনে প্ৰশিক্ষণৰ প্ৰয়োজন ।

Ajanta Neog Press meet: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ কেলেংকাৰী: মুখ খুলিলে অজন্তা নেওগে

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ বিষয়ে শুকুৰবাৰে মুখ খুলিলে মন্ত্ৰী অজন্তা নেওগে(Minister Ajanta neog in Golaghat) ৷ লগতে গোলাঘাটৰ CIDFপুঁজিত কেলেংকাৰী কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে(Minister Ajanta neog on Corruption) । এই সমগ্ৰ বিষয়টোত তেওঁ কোনো প্ৰকাৰে জড়িত নথকাৰ কথাও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Selling land to outsiders: ডিব্ৰুগড়ত সংকটত খিলঞ্জীয়াৰ অস্তিত্ব !

ডিব্ৰুগড়ত খিলঞ্জীয়াৰ বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় কৰিছে একাংশ বহিৰাগত লোকে (Outsider buy land from indigenous people) । যাক লৈ চিন্তিত হৈছে স্থানীয় লোক আৰু দল-সংগঠন ।বহিৰাগত লোকক ভূমি বিক্ৰী কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী তুলিছে সংগঠনসমূহে ।

Road Accident in Karimganj: বাইক আৰোহীৰ খুন্দাত আহত আৰক্ষী, জংঘলৰ মাজত ছিটিকিল AK47

বিচাৰেহে বিচাৰে, ৰাইফল বিচাৰি চলাথ আৰক্ষীৰ ৷ অৱশেষত হাবিৰ মাজৰ পৰা ওলাল AK 47 ৷ কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কায়স্থগ্ৰাম এলেকাত শুকুৰবাৰে আৰক্ষীৰ নাকা চেকিং চলি থকাৰ সময়তে এখন দ্ৰুতগতিত অহা মটৰ চাইকেলে খুন্দা মাৰে এজন অসম আৰক্ষীৰ জোৱানক (Road accident in Karimganj) ৷ অসম আৰক্ষীৰ জোৱানজনৰ নামৰ ইমামুল ইছলাম বুলি জানিব পৰা গৈছে (policeman injured in accident )।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.