ETV Bharat / state

Jonai Murder Case: কালিং ময়ঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত জোনাইত ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Nov 12, 2022, 2:09 PM IST

Updated : Nov 12, 2022, 3:35 PM IST

Jonai
Jonai

জোনাইত TMPK, MMK আৰু TMMK-ৰ বিশাল ধৰ্ণা কাৰ্যসূচী । কালিং ময়ঙৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচিৰ দাবীৰে উত্তাল সমগ্ৰ জোনাই (Missing organizations Protest at Jonai) ।

জোনাই, ১২ নৱেম্বৰ : শনিবাৰে জোনাইত টি এম পি কে (TMPK), এম এম কে (MMK), টি এম এম কে (TMMK) জোনাই জিলা সমিতিৰ উদ্যোগত কালিং ময়ঙৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবীৰে বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Protest for arrest Kaling Moyong murderer in Jonai) ৷

সংগঠনকেইটাৰ শতাধিক কৰ্মীৰ উপস্থিতিত জোনাই মিচিং কৃষ্টি ভৱনৰ ৰাংকপ হৈ পদযাত্ৰা কৰি হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, কলিং ময়ঙক ন্যায় দিয়ক আদি দাবী সম্বলিত শ্লোগান লিখা প্লে'-কাৰ্ড লৈ জোনাই আৰক্ষী থানা আৰু জোনাই মহকুমাধিপতি কাৰ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে (TMPK protest at Jonai) ৷

উল্লেখযোগ্য যে যোৱা ৭ তাৰিখে সন্ধিয়া বন্ধুৰ সৈতে ৰাস চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন ৷ কিন্তু ৰাস চাবলৈ যোৱা কালিং ময়ং আৰু ঘৰলৈ উভতি নাহিল (Jonai murder case) ৷ কোনো ঘাতকে নৃশংসভাৱে হত্যা কৰি জোনাইৰ উদয়পুৰ গাঁৱৰ ৰাস্তাত পেলাই থৈ যায় কালিঙক । উল্লেখ্য, যোৱা ৮ নৱেম্বৰত জোনাইৰ জোনবৰ গাঁৱৰ কালিং ময়ঙে ৰাস চাবলৈ গৈ তাৰ পৰা বন্ধুৰ সৈতে প্ৰেয়সীক লগ কৰিবলৈ গৈছিল ।

Jonai Murder Case: কালিং ময়ঙৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত জোনাইত ধৰ্ণা কাৰ্যসূচী

কিন্তু তাৰ পিছতে কোনো অচিনাকি দুৰ্বৃত্তই তেওঁক নৃশংসভাৱে হত্যা কৰি পেলায় থৈ যায় জোনাইৰ উদয়পুৰ গাঁৱৰ পথত । ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষীয়ে মৃত কালিং ময়ঙৰ প্ৰেয়সীৰ লগতে আৰু দুজন ব্যক্তিক আটক কৰিছে যদিও আজি চাৰিদিন উকলি যোৱাৰ পিচতো প্ৰকৃত হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাই ।

লগতে এই ঘটনাত কোন কোন জড়িত আছে তাৰ সন্ধান লাভ কৰা নাই আৰু ঘটনা সন্দৰ্ভত আজি পৰ্যন্ত জোনাই আৰক্ষীয়ে এজনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ সেয়ে আজি মিচিং ছাত্র সংগঠন আৰু জাতীয় সংগঠনে বিশাল ধৰ্ণা কাৰ্যসূচীৰে কালিং ময়ঙৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Memorandum to Himanta Biswa Sarma), ধেমাজি জিলা উপায়ুক্ত, জোনাই মহকুমাৰ মহকুমাধিপতিক স্মাৰক-পত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক :Road Accident in Karimganj: বাইক আৰোহীৰ খুন্দাত আহত আৰক্ষী, জংঘলৰ মাজত ছিটিকিল AK47

Last Updated :Nov 12, 2022, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.