Road Accident in Karimganj: বাইক আৰোহীৰ খুন্দাত আহত আৰক্ষী, জংঘলৰ মাজত ছিটিকিল AK47

By

Published : Nov 12, 2022, 1:38 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

বিচাৰেহে বিচাৰে, ৰাইফল বিচাৰি চলাথ আৰক্ষীৰ ৷ অৱশেষত হাবিৰ মাজৰ পৰা ওলাল AK 47 ৷ কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কায়স্থগ্ৰাম এলেকাত শুকুৰবাৰে আৰক্ষীৰ নাকা চেকিং চলি থকাৰ সময়তে এখন দ্ৰুতগতিত অহা মটৰ চাইকেলে খুন্দা মাৰে এজন অসম আৰক্ষীৰ জোৱানক (Road accident in Karimganj) ৷ অসম আৰক্ষীৰ জোৱানজনৰ নামৰ ইমামুল ইছলাম বুলি জানিব পৰা গৈছে (policeman injured in accident )। আৰক্ষী জোৱানজনক খুন্দা মাৰি মুহুৰ্তত অন্তৰ্ধান হয় বাইক আৰোহী । বাইকৰ খুন্দাত আগ্নেয়াস্ত্ৰ সহ ছিটিকি পৰে আৰক্ষীৰ যোৱান ইমামুল ইছলাম । এই দুৰ্ঘটনাত যথেষ্ট আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ জোৱানজন । কিন্তু এই ঘটনাত হেৰাই যায় আৰক্ষী জোৱানজনৰ AK 47 ৰাইফল । ৰাইফল বিচাৰি ঘটনাস্থলীত আৰম্ভ হয় অভিযান । হাবিৰ মাজত, পানীৰ মাজত বিচৰা হয় ৰাইফল । অৱশেষত প্ৰায় এঘন্টাজুৰি চলা তালাচীৰ অন্তত ঘটনাস্থলীৰ পৰা অলপ দূৰত হাবিৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় AK 47 ৰাইফলটো। ইপিনে আৰক্ষী জোৱান ইমামুল ইছলামক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.