Sankardev Sangha Controversy: শংকৰ সংঘ বিতৰ্কত সৰৱ টাই আহোম সংগঠন

By

Published : Nov 12, 2022, 1:56 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈক পদৰ পৰা অব্যাহতি ল'বলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে (Sankardev Sangha Controversy) । চকলং বিবাহ অনুষ্ঠানলৈ যোৱা বাবেই চাৰিটা পৰিয়ালক এঘৰীয়া কৰাৰ পিছত কমলাকান্ত গগৈসহ সংঘৰ কেইবাগৰাকী বিষয়ববীয়াই ক্ষমা বিচাৰিছিল আহোম জনগোষ্ঠীৰ ওচৰত (ATASU reacted on Sangkar Sangha controversy) । সেয়ে কমলাকান্ত গগৈক পদত্যাগৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হোৱাত এনে কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছে টাই আহোম ছাত্ৰ সন্থাই । কমলাকান্ত গগৈ আহোম জনগোষ্ঠীয় লোক হোৱা বাবেই হেঁচা প্ৰয়োগ কৰা হৈছে নেকি বুলিও প্ৰশ্ন বসন্ত গগৈৰ ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.