ETV Bharat / state

APDCL Increases Electricity Charge: প্রতি ইউনিটত ১৫ পইচাকৈ বৃদ্ধি বিদ্যুৎ মাচুল

author img

By

Published : Nov 12, 2022, 1:07 PM IST

অতিৰিক্ত ব্যয়ৰ জোৰা মাৰিবলৈ এ পি ডি চি এলৰ সিদ্ধান্ত । বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে (APDCL Decision to increase electricity charges) । ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্রাইজ এডজাষ্টমেণ্ট ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত । বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ বৃদ্ধি কৰা হ'ব মাচুল ।

APDCL
APDCL

গুৱাহাটী, ১২ নৱেম্বৰ : নিয়মীয়া বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱা শক্তি বিভাগে এইবাৰ মাচুল বৃদ্ধিৰে উপভোক্তাক আন এক মাধমাৰ শোধোৱাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে আগষ্ট-ছেপ্টেম্বৰ মাহত অস্বাভাৱিকভাৱে উপভোক্তাৰ বিদ্যুতৰ বিল বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র বিতৰ্কৰ । প্ৰায় ৪০-৫০ শতাংশকৈ বিদ্যুতৰ বিল বৃদ্ধি হোৱাত শক্তি বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক অভিযোগ ।

এনে অভিযোগৰ পাছতে কিছু নৰম হোৱা অসম শক্তি বিতৰণ কোম্পানীয়ে (APDCL) বিদ্যুতৰ বিল পৰীক্ষা কৰাৰ প্ৰস্তাৱ দিছিল । এনে প্ৰস্তাৱ কাৰ্যকৰীকৰণ সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই এ পি ডি চি এলে এইবাৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ১৫ পইচাকৈ প্ৰতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে (APDCL Decision to increase electricity charges) ।

ফুৱেল এণ্ড পাৱাৰ পাৰ্চেছ প্রাইজ এডজাষ্টমেণ্ট (Fuel and Power Parches Price Adjustment, FPPPA) ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত সময়ছোৱাত বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ এই ব্যৱস্থাৰ অধীনত মাচুল বৃদ্ধি কৰা হ'ব ।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, এফ পি পি পি এৰ অধীনত প্রতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ বাবে যোৱা আগষ্ট মাহতে সিদ্ধান্ত লোৱা হৈছিল (electricity charges hike 15 paisa per unit) । কিন্তু উপভোক্তাৰ বিগত সময়ছোৱাত বিদ্যুতৰ বিল বৃদ্ধিক লৈ তোলা আপত্তিৰ পৰিপ্ৰেক্ষিতত উক্ত সিদ্ধান্ত কাৰ্যকৰী হোৱা নাছিল ।

শক্তি বিভাগে বাহিৰৰ উৎসৰ পৰা ক্ৰয় কৰা বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এ পি ডি চি এলেও অতিৰিক্ত ক্ৰয় ব্যয়ৰ জোৰা মাৰিবলৈ ১৫ পইচাকৈ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । মন কৰিবলগীয়া যে এ পি ডি চি এলে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে মাচুল বৃদ্ধিৰ এক প্ৰস্তাৱ দাছিল ।

২ টকাকৈ প্রতি ইউনিটত মাচুল বৃদ্ধিৰ বাবে দিয়া প্ৰস্তাৱক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত এই মাচুলৰ পৰিমাণ ০.৫৯ টকালৈ হ্ৰাস হৈছিল । মুখ্যতঃ অতিৰিক্ত ক্রয় ব্যয়ৰ জোৰা মাৰিবলৈ বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত দাখিল কৰা এই প্ৰস্তাৱ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী কৰা হৈছে । এই বৰ্ষৰ এপ্ৰিল মাহত মাচুল বৃদ্ধিৰ পাছত পুনৰ এ পি ডি চি এলে ঘাটি জোৰা মাৰিবলৈ প্ৰতি ইউনিটত দুমাহলৈ ১৫ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে লোৱা সিদ্ধান্তই স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্র প্রতিক্ৰিয়াৰ । গ্ৰাহকক নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তি বিভাগে বিভিন্ন অজুহাতত প্ৰায়ে বৃদ্ধি কৰি আহিছে মাচুল ।

লগতে পঢ়ক :Pulok Gogoi passes away: বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.