ETV Bharat / state

HSLC exam form filling up: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্র পূৰণৰ দিন ঘোষণা ছেবাৰ

author img

By

Published : Nov 12, 2022, 1:56 PM IST

মেট্ৰিক পৰীক্ষাৰ বাবে ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা (SEBA announces HSLC exam forms filling up date)। ছাত্র-ছাত্রীসকলে ২০ ডিচেম্বৰৰ ভিতৰত আদায় দিব লাগিব মাচুল । দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই । আন পৰীক্ষাৰ্থীসকলে আদায় দিব লাগিব ২২০০ টকাকৈ মাচুল ।

SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্র পূৰণৰ দিন ঘোষণা ছেবাৰ

গুৱাহাটী,১২ নৱেম্বৰ : আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ছেবাই প্ৰ-পত্ৰ পূৰণৰ সময়সীমা ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ধাৰ্য কৰিছে (HSLC exam form filling up last date)। উক্ত সময়ছোৱাৰ ভিতৰত পৰীক্ষাৰ্থীসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । ছাত্র-ছাত্রীসকলে ২০ ডিচেম্বৰৰ ভিতৰত মাচুল আদায় দিব লাগিব আৰু ২২ ডিচেম্বৰত প্ৰ-পত্ৰ পূৰণৰ শুধৰণি কৰিব পাৰিব ।

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই দিয়া হৈছে যদিও অন্য পৰীক্ষাৰ্থীসকলে ২২০০ টকাকৈ মাচুল আদায় দিব লাগিব (HSLC form filling up fees)। ইয়াৰ ভিতৰত পৰীক্ষা মাচুল হিচাপে ৭০০ টকা, পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে ৩৫০ টকা, বার্ষিক পঞ্জীয়ন মাচুল হিচাপে ১০০০ টকা আৰু ব্যাৱহাৰিক পৰীক্ষাৰ বাবে অতিৰিক্ত ১৫০ টকা মেট্ৰিক পৰীক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণৰ লগতে আদায় দিব লাগিব । ছেবাৰ সচিবে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে ।

অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ছেবাই নির্দিষ্ট পৰ্টেলটো ১৫ নৱেম্বৰত মুকলি কৰি দিব বুলি জনাইছে (HSLC online forms)। আনহাতে দৰিদ্র সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে মাচুল ৰেহাইৰ যি সিদ্ধান্ত লোৱা হৈছে সেই অনুসৰি তেনে অভিভাৱকে সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষৰ ওচৰত আৱেদন কৰিব লাগিব ।

লগতে পঢ়ক :Poor condition of Anganwadi centre : অংগনৱাড়ী কেন্দ্ৰৰ দুৰৱস্থা, গছৰ তলত চলিছে পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.