Theft incident in Jorhat: যোৰহাটৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ

author img

By

Published : Nov 12, 2022, 1:55 PM IST

Updated : Nov 12, 2022, 2:04 PM IST

Theft incident in Jorhat

যোৰহাটৰ ৰাজপথত ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে মহিলাই ৷ পইচা চুৰিৰ অভিযোগত যুৱকক ৰাজপথেৰে চোঁচোৰাই চোঁচোৰাই নি আৰক্ষী থানা পোৱালেগৈ মহিলাগৰাকীয়ে(Women angry in the middle of the Jorhat main road) ৷

যোৰহাট, ১২ নবেম্বৰ: যোৰহাটৰ ৰাজপথত শুকুৰবাৰে এগৰাকীৰ মহিলাৰ ৰণচণ্ডী ৰূপ দেখিবলৈ পোৱা গ'ল । মহিলাগৰাকীয়ে ৰণচণ্ডী ৰূপত ধাৰণ কৰি এজন যুৱকৰ চোলাত ধৰি ৰাজপথৰ মাজেৰে চোঁচোৰাই নিয়ে ৷ মহিলাগৰাকীৰ এই ৰূপ দেখি নীৰৱ দৰ্শক হিচাপে সকলো চাই থাকিবলৈ বাধ্য হ'ল পথচাৰী ।

যোৰহাটৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ

কিন্তু কিয় আৰু কি কাৰণত যুৱকজনক মহিলাগৰাকীয়ে এনেদৰে যোৰহাট নগৰৰ মাজেৰে লৈ যায় ৷ আচলতে ধৃত যুৱকজনে মহিলাগৰাকীৰ মাণিবেগৰ পৰা পইচা চুৰি কৰি উধাও হোৱাৰ অভিযোগ কৰে মহিলাগৰাকীয়ে ৷ যাৰ বাবে মাজ ৰাজপথত ৰণচণ্ডী ৰূপ ধাৰণ কৰে মহিলাগৰাকীয়ে ৷ সোঁচ্চাৰ হৈ পৰে যুৱকজনৰ ওপৰত ৷

মহিলাগৰাকীয়ে নগৰৰ মাজে মাজে যুৱকজনক গতিয়াই-চোচোৰাই যোৰহাট সদৰ আৰক্ষী থানাত(Jorhat police station) উপস্থিত হয় ৷ কিন্তু মহিলাগৰাকীয়ে কৰা অভিযোগ নস্যাৎ কৰে যুৱকজনে ৷ তেওঁ মহিলাগৰাকীৰ মাণিবেগৰ পৰা পইচা চুৰি কৰাৰ কথা অস্বীকাৰ কৰে । যুৱকজনে মহিলাগৰাকীৰ বেগৰ পৰা পইচা চুৰি কৰিছিল নে নাই কৰাৰ সেই সন্দৰ্ভত বৰ্তমান যোৰহাট আৰক্ষীয়ে যুৱকজনৰ সোধাপোছা অব্যাহত ৰাখিছে ।

এই ঘটনাক লৈ এতিয়া যোৰহাটত সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উল্লেখ্য যে যোৰহাট নগৰত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ড ৷ বাইক চুৰিৰ লগতে পথচাৰীৰ মাণিবেগৰ উপৰি অন্যান্য সামগ্ৰী চোৰে চুৰি কৰি উধাও হৈ যোৱা ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে(Theft incident in Jorhat) ৷ ৰাইজৰ বহু অভিযোগ সত্বেও কিন্তু এনেধৰণৰ অপৰাধজনিত ঘটনা ৰোধ কৰাত আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Boat capsizes in Barpeta: মুকলিৰ পাছতেই ডুব গ’ল ‘ৰাইজৰ মনৰ পাখি’

Last Updated :Nov 12, 2022, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.