ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 1, 2022, 1:00 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

DU ragging incident updates : আদিত্য নাৰ্ছিংহোমত আজি সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

আজি ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ (DU ragging victim Anand Sharma) ৷ আজিয়েই তদন্ত সমিতিৰ আগত হাজিৰ হ’ব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PGSU ৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ সৈতে আন ১১ জন ছাত্ৰ ৷ হাজিৰ নহ'লে চূড়ান্ত সিদ্ধান্ত ল'ব বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই (DU ragging incident updates) ৷

Tiger roaming in Kaziranga: সমুখতে বনৰজাক দেখি উৎফুল্লিত কাজিৰঙাৰ পৰ্যটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বিচৰণৰ দৃশ্য পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ (Tiger roaming in Kaziranga National Park) । দেশ-বিদেশৰ পৰ্যটকে উপভোগ কৰিছে বাঘৰ বিচৰণৰ ৰোমাঞ্চকৰ দৃশ্য ৷ মানুহৰ উপস্থিতিৰ উমান পালেও গহীন-গম্ভীৰ খোজেৰে পলকতে আঁতৰি যোৱা বাঘক অতি কম সময়হে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ হয় পৰ্যটকৰ (Tigers free roaming in Kaziranga) ৷

Ragging in Dibrugarh University: ৰেগিং কাণ্ডৰে জড়িত অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ প্ৰসংগ ৷ ৰেগিঙৰ কাণ্ডত জড়িত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ ৷ আজি ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰিলে দিব্যজ্যোতিয়ে ৷ আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিব্যজ্যোতিক ৷

FIFA World Cup 2022 : পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

পুৰুষৰ ফুটবল বিশ্বকাপত প্রথমবাৰৰ বাবে মেচ পৰিচালনা কৰিব কোনো মহিলা ৰেফাৰীয়ে (first female referee in male world cup football) । বৃহস্পতিবাৰে কাটাৰৰ খেলপথাৰত এই ইতিহাস ৰচিব ফ্রান্সৰ ৰেফাৰী ষ্টেফানি ফ্রাপাই ।

Arjuna Award 2022: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণিয়ে

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণি শইকীয়াই (Lawn bowler Nayanmoni Saikia)৷ নয়নমণি শইকীয়াৰ লগতে দেশৰ আন 24 গৰাকী তাৰকা খেলুৱৈৱে গ্ৰহণ কৰিলে অৰ্জুন বঁটা ৷

Illegal recruitment in Fisheries Dept: অবৈধ নিযুক্তিক লৈ মীন বিভাগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

অসম মীন উন্নয়ন নিগম লিমিটেডত হোৱা নিযুক্তি কেলেংকাৰীত জড়িত বিষয়াৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (Illegal recruitment in Fisheries Corporation)৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰাৰ লগতে বুধবাৰে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati HC issues notice to fisheries dept) ।

Water level of Brahmaputra : অস্বাভাৱিকভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

মাজুলীত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ জলস্তৰ (Depleting water level of Brahmaputra in Majuli)। যাৰ বাবে শংকিত হৈ পৰিছে নৈৰীয়া ৰাইজ । দক্ষিণপাটৰ সন্মুখৰ টিকৰাই চাপৰিলৈ প্ৰায় পাঁচ কিলোমিটাৰ নদীপথ নাঁৱেৰে যাব লগা হোৱাৰ পৰিৱৰ্তে এতিয়া ব্ৰহ্মপুত্ৰৰ বালিত মটৰ চাইকেল লৈ অথবা খোজকাঢ়ি যাব পৰাৰ পৰিৱেশ হৈছে ।

Father sexually assaulting minor stepdaughter: ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড

মহাৰাষ্ট্ৰত সতিয়া পিতৃয়ে ধৰ্ষণ কৰিলে ১৬ বছৰীয়া কন্যাক (Stepfather sexually assaulting minor daughter)। ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত পোৱা তথ্য অনুসৰি সতিয়া পিতৃ হৈছে কন্যাৰ গৰ্ভত থকা সন্তানৰ পিতৃ । শেহতীয়াকৈ আদালতে ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে ।

Gujarat Assembly polls phase 1: 89 টা সমষ্টিত অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 89 টা সমষ্টিত প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে (Gujarat polls phase I ) ৷ ইয়াৰে 719 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 69 গৰাকী মহিলা প্ৰাৰ্থী ৷ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ 2,39,76,670 গৰাকী ভোটাৰে ভোটদান কৰিব ৷

Livestock recovered in Chirang: চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ ছটাকৈ গৰু

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙতো অব্যাহত আছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ বৈখুনগাঁৱত চিৰাং আৰক্ষীৰ অভিযান ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ছটা গৰু(Livestock recovered in Chirang) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.