Father sexually assaulting minor stepdaughter: ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড

author img

By

Published : Dec 1, 2022, 10:10 AM IST

Pocso act

মহাৰাষ্ট্ৰত সতিয়া পিতৃয়ে ধৰ্ষণ কৰিলে ১৬ বছৰীয়া কন্যাক (Stepfather sexually assaulting minor daughter)। ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত পোৱা তথ্য অনুসৰি সতিয়া পিতৃ হৈছে কন্যাৰ গৰ্ভত থকা সন্তানৰ পিতৃ । শেহতীয়াকৈ আদালতে ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে ।

নেশ্যনেল ডেস্ক,১ ডিচেম্বৰ : মহাৰাষ্ট্ৰত এক জঘন্য ঘটনা সংঘটিত হৈছে । সতিয়া পিতৃৰ কামনাৰ বলি হ'ল ১৬ বছৰীয়া কন্যা (Maharashtra rape case)। এবাৰ দুবাৰ নহয় ২০১৯ চনৰ পৰাই কেইবাবাৰো ধৰ্ষণ কৰিলে কিশোৰীগৰাকীক । কিশোৰীগৰাকী গৰ্ভাৱতী হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে (Father sexually assaulting minor stepdaughter)। অৱশ্যে দোষী সতিয়া পিতৃক ইতিমধ্যে আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে (Rapist stepfather sentenced to 20 years)।

জানিব পৰা মতে ২০১৯ চনৰ পৰাই ৪১ বছৰীয়া সতিয়া পিতৃয়ে কিশোৰী কন্যাক ধৰ্ষণ কৰি আহিছিল (Stepfather sexually assaulting minor daughter)। অৱশেষত কিশোৰীগৰাকীয়ে মাতৃক ২০২০ চনৰ জুনত সংঘটিত ঘটনাবোৰৰ বিষয়ে অৱগত কৰিছিল । লগে লগে ধৰ্ষণকাৰী সতিয়া পিতৃৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰা হয় । ভুক্তভোগী কিশোৰীগৰাকীৰ চিকিৎসা পৰীক্ষাত প্ৰকাশ পাইছিল যে তেওঁ ১৬ সপ্তাহৰ গৰ্ভৱতী আছিল ।

অৱশ্যে ভুক্তভোগী কিশোৰী আৰু মাতৃয়ে গোচৰটো সমৰ্থন কৰা নাছিল । তেওঁলোকে কৈছিল যে অভিযুক্তজন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য আৰু তেওঁলোকে তেওঁক ক্ষমা কৰিব বিচাৰে আৰু তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰিব বিচাৰে । অধিবক্তা গৌৰৱ ভৱানীয়ে নূন্যতম শাস্তি দি আদেশটোত নম্ৰতা বিচাৰিছিল ।

অৱশ্যে, বিশেষ ৰাজহুৱা অধিবক্তা নিষ্টম যোশীয়ে দাবী কৰিছিল যে এই অপৰাধ গুৰুতৰ আৰু সৰ্বাধিক শাস্তি দিয়া উচিত । অৱশেষত আদালতে সমগ্ৰ ঘটনাটোৰ সত্যতা বিচাৰি ডিএনএ পৰীক্ষাৰ নিৰ্দেশ দিয়ে । আদালতে লক্ষ্য কৰিছিল যে ডিএনএ প্ৰতিবেদন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত পৰিপূৰক আছিল । কিয়নো নাবালক কিশোৰী আৰু মাতৃ গোচৰটোৰ বিৰোধিতা কৰিছিল ।

ডিএনএ প্ৰতিবেদনে প্ৰমাণ কৰিলে যে ভুক্তভোগীগৰাকী গৰ্ভৱতী আছিল আৰু অভিযুক্তজন ভুক্তভোগীৰ সন্তানৰ পিতৃ । আদালতে কৈছিল যে ৰেকৰ্ডত ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনৰ ৰূপত বৈজ্ঞানিক প্ৰমাণে সকলো যুক্তিসঙ্গত সন্দেহৰ বাহিৰত অভিযুক্তৰ দোষ প্ৰমাণ কৰিছে ।

ইফালে পুনৰ পৰীক্ষাৰ বাবে ভুক্তভোগী কিশোৰীগৰাকী ইচ্ছুক আছিল । যাৰ পৰা এটা কথা নিশ্চিত যে মাতৃৰ আৱেগিক চাপৰ বাবেহে কিশোৰীগৰাকীয়ে পিতৃক কাৰাগাৰৰ পৰা মুকলি কৰাৰ পক্ষত আছিল । ডিএনএ প্ৰতিবেদনৰ পাছত বিচাৰপীঠে অভিযুক্তজনক দোষী সাব্যস্ত কৰে আৰু অপৰাধটো জঘন্য বুলি বিচাৰ কৰে । ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । বিশেষ আদালতৰ ন্যায়াধীশ আনিস খানে আৰক্ষীৰ দ্বাৰা দাখিল কৰা ডিএনএ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিৰ্দেশটো প্ৰদান কৰিছিল ।

লগতে পঢ়ক :Murder at Moran : ভাতত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.