Tiger roaming in Kaziranga: সমুখতে বনৰজাক দেখি উৎফুল্লিত কাজিৰঙাৰ পৰ্যটক

By

Published : Dec 1, 2022, 10:28 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বিচৰণৰ দৃশ্য পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ (Tiger roaming in Kaziranga National Park) । দেশ-বিদেশৰ পৰ্যটকে উপভোগ কৰিছে বাঘৰ বিচৰণৰ ৰোমাঞ্চকৰ দৃশ্য ৷ মানুহৰ উপস্থিতিৰ উমান পালেও গহীন-গম্ভীৰ খোজেৰে পলকতে আঁতৰি যোৱা বাঘক অতি কম সময়হে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ হয় পৰ্যটকৰ (Tigers free roaming in Kaziranga) ৷ তাৰ মাজতে বাঘৰ তীক্ষ্ণ দৃষ্টিৰ বিৰল দৃশ্য বন্দী হ’ল টুৰিষ্ট গাইড বিতুপন কলঙৰ কেমেৰাত ৷ আনহাতে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে সুখবৰ যে, গঁড় কেন্দ্ৰিক কাজিৰঙাৰ পৰ্যটনক (Kaziranga National Park tourism) অধিক মাত্ৰা প্ৰদান কৰিছে ঢেকীয়াপতীয়া বাঘে ৷ যাৰ ফলত এশিঙীয়া গঁড়ৰ বাবে বিশ্ব খ্যাত কাজিৰঙাত গঁড় চাবলৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বাঘ ৷ তুলনামূলকভাৱে দেশৰ অন্যান্য টাইগাৰ ৰিজাৰ্ভ সমূহৰ সামান্তৰালকৈ কাজিৰঙাও টাইগাৰ টুৰিজিমৰ দিশত আগবাঢ়ি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিতুপন কলঙে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.