Arjuna Award 2022: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণিয়ে

author img

By

Published : Nov 30, 2022, 8:46 PM IST

Arjuna Award 2022

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণি শইকীয়াই (Lawn bowler Nayanmoni Saikia)৷ নয়নমণি শইকীয়াৰ লগতে দেশৰ আন 24 গৰাকী তাৰকা খেলুৱৈৱে গ্ৰহণ কৰিলে অৰ্জুন বঁটা ৷

নিউজ ডেস্ক, 30 নৱেম্বৰ : বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা-২০২২ অনুষ্ঠানত ২৫ গৰাকীতকৈও অধিক ভাৰতীয় তাৰকা খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় (Arjuna Award 2022)। ২৫ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰাৰ লগতে প্ৰবীণ টেবুল টেনিছ খেলুৱৈ অচন্ত শৰৎ কমলক মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে ।

অৰ্জুন বঁটা গ্ৰহণ কৰা তাৰকা খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল অসমৰ নয়নমণি শইকীয়া (Lawn bowler Nayanmoni Saikia )৷ লন বলৰ জৰিয়তে অসমকন্যা নয়নমণি শইকীয়াই দেশলৈ কঢ়িয়াই অনা গৌৰৱৰ বাবে আগবঢ়োৱা অৰ্জুন বঁটা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিজহাতে অৰ্পন কৰে খেলুৱৈগৰাকীক ৷

  • President Droupadi Murmu confers Arjuna Award, 2022 on Ms. Nayan Moni Saikia for her achievements in Lawn Bowls. She won:

    • Gold Medal in Commonwealth Games, 2022
    • Bronze Medal in Asian Championship, 2018 pic.twitter.com/0UBniYGP7D

    — President of India (@rashtrapatibhvn) November 30, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

2022 বৰ্ষৰ কমনৱেল্থ গেমছত(Commonwealth Games 2022) সোণৰ পদক লাভ কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰাৰ লগতে 2018 বৰ্ষত নয়নমণিয়ে এচিয়ান চেম্পিয়নশ্বিপত আঁজুৰিছিল ব্ৰঞ্জৰ পদক ৷ ইয়াৰ পাছতে অসমকন্যা নয়নমণি শইকীয়াক অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷

উল্লেখ্য যে, কমনৱেল্থ গেমছত সোণৰ পদক লাভৰ পাছতে অসম চৰকাৰৰ তৰফৰ পৰাও যঁচা হৈছিল বিশেষ সন্মান ৷ উপ-আৰক্ষী অধীক্ষকৰ পদত অধিস্থিত কৰোৱা হৈছিল ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা লনবল খেলুৱৈ নয়নমণি শইকীয়াক ৷

উল্লেখ্য যে, এই বঁটাত আছে অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি, প্ৰশস্তি পত্ৰ, এযোৰ পোছাক আৰু নগদ 15 লাখ টকা ৷

লগতে পঢ়ক : Pragyan Bharti Scheme: খানাপাৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.