Illegal recruitment in Fisheries Dept: অবৈধ নিযুক্তিক লৈ মীন বিভাগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

author img

By

Published : Dec 1, 2022, 10:38 AM IST

Guwahati High Court heard probe into illegal recruitment in Fisheries Corporation

অসম মীন উন্নয়ন নিগম লিমিটেডত হোৱা নিযুক্তি কেলেংকাৰীত জড়িত বিষয়াৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (Illegal recruitment in Fisheries Corporation)৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰাৰ লগতে বুধবাৰে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati HC issues notice to fisheries dept) ।

গুৱাহাটী, 1 ডিচেম্বৰ: অসম মীন উন্নয়ন নিগম লিমিটেডত হোৱা নিযুক্তি কেলেংকাৰীত জড়িত বিষয়াৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (Illegal recruitment in Fisheries Corporation) ৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰাৰ লগতে বুধবাৰে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati HC issues notice to fisheries dept) ।

জয়দেৱ দাস নামৰ ব্যক্তিজনে দাখিল কৰা আবেদনখনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু মীন উন্নয়ন নিগমকে ধৰি পদকীয়া পক্ষসমূহলৈ জাননী জাৰি কৰিছে । ২০ ডিচেম্বৰত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে (Guwahati High Court) ।

উল্লেখ্য যে বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ হৈ থকাৰ সময়ত নিগমত ২১৭ টা বিভিন্ন পদত জালিয়াতিৰে নিযুক্তি দিয়াৰ কথা শেহতীয়াকৈ প্ৰকাশ পাইছিল । নিযুক্তি লাভ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ল যদিও এই কার্যত জড়িত নিগমৰ শীৰ্ষ আমোলা-বিষয়াৰ বিৰুদ্ধে কোনো তদন্ত বা ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ।

এই বিষয়ক লৈয়েই দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদনখন দাখিল কৰিছিল । মীন বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ আৰু তদাৰকী দুর্নীতি নিবাৰণ শাখাকো গোচৰৰ পদকীয়া কৰা হৈছে । আদালতে সকলো পদকীয়া পক্ষলৈ জাননী জাৰি কৰিছে ।

লগতে পঢ়ক: AFDC Job Scam : মীন উন্নয়ন নিগমৰ অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.