Gujarat Assembly polls phase 1: 89 টা সমষ্টিত অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

author img

By

Published : Dec 1, 2022, 7:30 AM IST

Updated : Dec 1, 2022, 9:15 AM IST

Gujarat Assembly polls phase 1

গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 89 টা সমষ্টিত প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে (Gujarat polls phase I ) ৷ ইয়াৰে 719 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 69 গৰাকী মহিলা প্ৰাৰ্থী ৷ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ 2,39,76,670 গৰাকী ভোটাৰে ভোটদান কৰিব ৷

নিউজ ডেস্ক, 1 ডিচেম্বৰ: আজি অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ (Gujarat polls phase I) ৷ পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈকে অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 182 খন আসনৰ ভিতৰত 89 খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন ৷ পশ্চিমৰ ৰাজ্যখনৰ তিনিটা অঞ্চলৰ মুঠ 19 খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ তিনিটা অঞ্চলৰ ভিতৰত সৌৰাষ্ট্ৰত 48 টা সমষ্টিত, কচ্চত 6 টা সমষ্টি আৰু দক্ষিণ গুজৰাটত আছে 35 টা সমষ্টি (Gujarat elections latest update) ৷

89 টা সমষ্টিত প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰে 719 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 69 গৰাকী মহিলা প্ৰাৰ্থী ৷ মুঠ মুছলমান প্ৰাৰ্থী আছে 152 গৰাকী ৷ ৰাজনৈতিক দল অনুসৰি প্ৰাৰ্থীৰ সংখ্যা এনেধৰণৰ- বিজেপি-89, বিএছপি-57, কংগ্ৰেছ-89, আপ-88, চিপিআই(এম)-05, চিপিআই-02, বিটিপি-14, নিৰ্দলীয়-338, এআইএমআইএম-06 আৰু অন্যান্য-100 গৰাকী (Gujarat polls on Dec 1) ৷

প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ 2,39,76,670 গৰাকী ভোটাৰে ভোটদান কৰিব ৷ ইয়াৰ ভিতৰত 1,24,33,362 গৰাকী পুৰুষ ভোটাৰ, 1,15,42,811 গৰাকী মহিলা ভোটাৰ আৰু 49 গৰাকী তৃতীয় লিংগ ৷

নিৰ্বাচন আয়োগে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, 14,382 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব ৷ ইয়াৰে 3,311 টা কেন্দ্ৰ চহৰত আৰু 11,071 টা গ্ৰাম্যাঞ্চলত স্থাপন কৰা হৈছে । নিৰ্বাচন আয়োগে 89 টা ‘আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ’ স্থাপন কৰিছে, কিয়নো বহু কেন্দ্ৰ বিভিন্ন ক্ষমতাসম্পন্ন লোকে পৰিচালনা কৰে ৷ 89 টা পৰিৱেশ অনুকূল ভোটকেন্দ্ৰ, আৰু 611 টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব । যুৱক-যুৱতীৰ দ্বাৰা পৰিচালিত 18 টা ভোটগ্ৰহণ কেন্দ্ৰও আছে বুলি জানিবলৈ দিয়ে আয়োগে ।

লগতে পঢ়ক: Gujarat phase 1 poll: 23976670 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 788 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Last Updated :Dec 1, 2022, 9:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.