ETV Bharat / state

Water level of Brahmaputra : অস্বাভাৱিকভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

author img

By

Published : Dec 1, 2022, 11:14 AM IST

মাজুলীত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ জলস্তৰ (Depleting water level of Brahmaputra in Majuli)। যাৰ বাবে শংকিত হৈ পৰিছে নৈৰীয়া ৰাইজ । দক্ষিণপাটৰ সন্মুখৰ টিকৰাই চাপৰিলৈ প্ৰায় পাঁচ কিলোমিটাৰ নদীপথ নাঁৱেৰে যাব লগা হোৱাৰ পৰিৱৰ্তে এতিয়া ব্ৰহ্মপুত্ৰৰ বালিত মটৰ চাইকেল লৈ অথবা খোজকাঢ়ি যাব পৰাৰ পৰিৱেশ হৈছে ।

Majuli
অস্বাভাৱিকভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

মাজুলী,১ ডিচেম্বৰ : মহাবাহু ব্ৰহ্মপুত্ৰক লৈ চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ ভয়াৱহভাৱে হ্ৰাস পাব ধৰিছে (Water level of brahmaputra river went down)। বহু স্থানত জল পৰিবহণ ব্যৱস্থা পুনৰ অচল হৈ পৰিছে । সংকটত অসমীয়াৰ জীৱন ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ ।

লক্ষণীয়ভাৱে খৰালি আহিলেই মৰুভূমিত পৰিণত হয় বুঢ়া লুইত (Brahmaputra water level decreased)। প্ৰতিবছৰে উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । যাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা লোকসকলে জীৱন জীৱিকাৰ বাবে এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

ব্ৰহ্মপুত্ৰৰ পৰাই খৰি আদি আহৰণ কৰাৰ লগতে মৎস্য চিকাৰ কৰি হাজাৰ হাজাৰ পৰিয়ালে জীৱন-জীৱিকাৰ সংগ্ৰাম চলাই আহিছে ৷ কিন্তু এনেদৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাই আহিলে কি হ'ব সেই হাজাৰ হাজাৰ পৰিয়ালৰ ? সেই কথা ভাবি এতিয়া শংকিত হৈ পৰিছে লোকসকল ।

অস্বাভাৱিকভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

অসমৰ উজনিৰ পৰা নামনিলৈ সকলোতে শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী । মাজুলীত ভয়াৱহভাৱে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে । যাৰ বাবে এতিয়া ১০-১৫ কিলোমিটাৰলৈ কেৱল বালি, ব্ৰহ্মপুত্ৰ এতিয়া মৰুভূমিত পৰিণত । শুকান বালিৰ চাপৰিৰ মাজত হেৰাই গৈছে প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ ।

বাৰিষাৰ সময়ত সাগৰ সদৃশ পৰিৱেশ আৰু খহনীয়া । কিন্তু সম্প্ৰতি মাজুলীৰ শালমৰা, কামজান, চুমৈমাৰি, ভকতচাপৰি আদিকে ধৰি মাজুলীৰ নতুন নতুন অঞ্চলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ এইদৰে অস্বাভাৱিকভাৱে কমি যোৱাক লৈ নদীপৰীয়া ৰাইজ এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ দক্ষিণপাটৰ সন্মুখৰ টিকৰাই চাপৰিলৈ প্ৰায় পাঁচ কিলোমিটাৰ নদীপথ নাঁৱেৰে যাব লগা হোৱাৰ পৰিৱৰ্তে এতিয়া ব্ৰহ্মপুত্ৰৰ বালিত মটৰ চাইকেল লৈ অথবা খোজকাঢ়ি যাব পৰাৰ পৰিৱেশ হৈছে ।

ইফালে চৰকাৰে ব্ৰহ্মপুত্ৰ খননকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ দাবী কৰি আহিছে যদিও সঁচা অৰ্থত একোৱে হোৱা নাই । যাৰ বাবে এতিয়া বছৰি ব্ৰহ্মপুত্ৰ জলস্তৰ ভয়ংকৰভাৱে হ্ৰাস পাবলৈ ধৰিছে । অতি শীঘ্ৰে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে অসমৰ ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব বুলিও আশংকা কৰিছে নৈপৰীয়া ৰাইজে ।

লগতে পঢ়ক :Harvesting Program: কম্বাইন হাৰভেষ্টাৰত উঠি ধান কটাত ব্যস্ত ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.