ETV Bharat / state

DU ragging incident updates : আদিত্য নাৰ্ছিংহোমত আজি সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

author img

By

Published : Dec 1, 2022, 11:13 AM IST

DU ragging victim Anand Sharma
DU ragging victim Anand Sharma

আজি ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ (DU ragging victim Anand Sharma) ৷ আজিয়েই তদন্ত সমিতিৰ আগত হাজিৰ হ’ব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PGSU ৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ সৈতে আন ১১ জন ছাত্ৰ ৷ হাজিৰ নহ'লে চূড়ান্ত সিদ্ধান্ত ল'ব বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই (DU ragging incident updates) ৷

ডিব্ৰুগড়, 1 ডিচেম্বৰ: ৰেগিঙৰ বলি হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ প্ৰাথমিক অস্ত্ৰোপ্ৰচাৰ আজি ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমতে সম্পন্ন হ'ব । দিল্লীলৈ স্থানান্তৰ কৰাত সমস্যাৰ সৃষ্টি হোৱা বাবে ডিব্ৰুগড়তে আনন্দৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (DU ragging victim Anand Sharma)।

হাস্পতালৰ বিচনাত যন্ত্ৰণাত ছটফটাইছে ভয়ংকৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দই (Ragging in Dibrugarh University) । তেওঁৰ ৰাজহাড় ভাঙি যোৱাৰ লগতে গুৰুতৰভাৱে আঘাত পাইছে শৰীৰৰ আন অংশতো । আনন্দক AIIMS লৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও স্বাস্থ্যৰ জটিলতাৰ বাবে সেই সিদ্ধান্ত বাতিল কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

সেয়ে আজি ডিব্ৰুগড়তে অস্ত্ৰোপচাৰ সম্পন্ন হ’ব ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ । আদিত্য নাৰ্ছিংহোমত সম্পন্ন হ’ব আনন্দৰ অস্ত্ৰোপচাৰ ।

ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । বুধবাৰে বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিয়ে ঘটনাৰ লগত জড়িত ৪ জন ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰাকৈ বহিষ্কাৰ কৰিছে । লগতে আজি তদন্ত কমিটিৰ আগত হাজিৰ হ’ব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PGSU ৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা (DU students expelled for being involved in ragging) ।

আদিত্য নাৰ্ছিংহোমত সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

উল্লেখ্য যে, জাননী দিয়াৰ পিছতো বুধবাৰে হাজিৰ হোৱা নাছিল উজ্জ্বল অংকুৰ বৰা । তদন্ত কমিটিৰ আগত হাজিৰ হ’ব লাগিব আন ১১ ছাত্ৰও । যদি আজি এই সকল ছাত্ৰ তদন্ত কমিটিৰ আগত হাজিৰ নহয়, তেওঁলোকৰ বিৰুদ্ধে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি বুধবাৰে সংবাদমেলৰ জৰিয়তে জনাই দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ।

অৱশ্যে এতিয়াও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী পলাতক হৈ আছে (DU ragging accused Rahul Chetry abscond) । ৰেগিঙৰ ঘটনাৰ সময়ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা ঘটনাস্থলীত উপস্থিত থাকি আনন্দ শৰ্মাৰ মোবাইল ফোন কাঢ়ি লোৱা বুলি আনন্দ শৰ্মাই স্বীকাৰোক্তি দিয়ে ৷ তাৰ পাছতেই তদন্তৰ আওঁতালৈ আহিছে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকী (Police grilling PNGB hostel warden) ।

যোৱা শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত জেষ্ঠ আবাসীৰ ৰেগিঙৰ বলি হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন (Dibrugarh University ragging case) ৷ ৰেগিঙৰ নামত চলা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই দিছিল ছাত্ৰজনে ৷ তাৰ পাচতেই অতি সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷

লগতে পঢ়ক: DU ragging case: কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব বহিষ্কৃত ৪ ছাত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.