DU ragging case: কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব বহিষ্কৃত ৪ ছাত্ৰই

author img

By

Published : Nov 30, 2022, 8:13 PM IST

4-expelled-students-of-du-will-be-unable-to-enroll-in-any-indian-educational-institution

৪ ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ কঠোৰ সিদ্ধান্ত ৷ আনহাতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ তিনিওটা ব্লকৰ লগতে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্র নিবাস আৰু মাইল্‌ছ ব্ৰন্সন ছাত্র নিবাসৰ অধ্যক্ষক অব্যাহতি দি নতুন অধ্যক্ষক নিযুক্তি(Dibrugarh University ragging case) ৷

ডিব্ৰুগড়, 30 নৱেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰনিবাসত সদ্যহতে সংঘটিত জঘন্য ৰেগিং কাণ্ডৰ সৈতে জড়িত ৪ ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালৰ বুধবাৰে এক সংবাদমেলযোগে সদৰী কৰে এই তথ্য(Press meet at Dibrugarh University) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল

উল্লেখ্য যে, ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ পাছতেই আজি পুনৰ বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ(Anti Ragging Committee) এখন বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এন্টি ৰেগিং কমিটিৰ এই বৈঠকৰ পাচত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ।

বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰনিবাসত সদ্যহতে সংঘটিত জঘন্য ৰেগিংকাণ্ডৰ সৈতে জড়িত থকা বুলি তথ্য পোৱাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "ৰেগুলেছন্‌ছ ফ’ৰ প্ৰহিবিটিং ৰেগিং এণ্ড এণ্টি ৰেগিং মেইজাৰ্ছৰ ক্লজ নম্বৰ ৭" অনুসৰি তলত নাম উল্লেখ কৰা ছাত্রকেইজনক ততালিকে প্রযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰা হয় ৷ ইয়াৰ লগতে ছাত্ৰকেইজনে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনিবছৰলৈ অধ্যয়ন কৰিব নোৱৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিয়ে ।

(১) গালব ডেকা, জীৱ বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ, পিতা: ড৹ হিৰণ্য কুমাৰ ডেকা, ঠিকনা: পাঠশালা ।
(২) কমলেশ্বৰ চুতীয়া, গণিত বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র, পিতা: শিৱনাথ চুতীয়া, ঠিকনা: চিচিবৰগাঁও, ধেমাজি, অসম
(৩) মৌচুম ফুকন, প্রায়োগিক ভূতত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ, পিতা: ননী ফুকন, ঠিকনা: মগৰাহাট চাংমাই গাঁও, শিৱসাগৰ, অসম
(৪) চাও পুচেং খাম বৰুৱা, ভাষা অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ, পিতা: ইন্দ্ৰ বৰুৱা, সেউজীপাম, সোণাৰি, চৰাইদেউ, অসম ।

বিশ্ববিদ্যালয়ৰ উপাচার্যৰ নিৰ্দেশ অনুসৰি পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ তিনিওটা ব্লকৰ লগতে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্র নিবাস আৰু মাইল্‌ছ ব্ৰন্সন ছাত্র নিবাসৰ অধ্যক্ষসকলক অব্যাহতি দি তলত নাম উল্লেখ কৰা বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলক নতুনকৈ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে ৷
(১) পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ব্লক এ: ড৹ অমৰ উপাধ্যায়, সহযোগী অধ্যাপক, শিক্ষাতত্ত্ব বিভাগ
(২) পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ব্লক বি: ড৹ প্রাণজিত কলিতা, সহকাৰী অধ্যাপক, প্রায়োগিক ভূতত্ত্ব বিভাগ
(৩) পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ব্লক চি: ড৹ প্রাঞ্জল প্রতীম বুঢ়াগোহাঁই, সহযোগী অধ্যাপক, অর্থনীতি বিভাগ
(৪) মফিজুদ্দিন আহমদ হাজৰিকা ছাত্র নিবাস: ড৹ মন্টু বড়ো, সহযোগী অধ্যাপক, শাৰীৰিক শিক্ষা আৰু ক্রীড়া অধ্যয়ন কেন্দ্র
(৫) মাইল্‌ছ ব্ৰন্সন ছাত্র নিবাস: কৌশিক দাস, সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ইনষ্টিটিউট অব ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ।

বিশ্ববিদ্যালয়ৰ চৌহদত ৰেগিং নিৰ্মূল কৰাৰ হকে এণ্টি-ৰেগিং ভিজিলেন্স চেল গঠন কৰা হয় । এই এণ্টি-ৰেগিং ভিজিলেন্স চেলৰ অধীনত থাকিব :

১) এটা গ্রীভেন্স চেল
ছাত্র নিবাস সমূহৰ বাবে :
ক) ড৹ ডেভিদ কার্সং
খ) ড৹ মন্টু বড়ো
গ) ড৹ অমৰ উপাধ্যায়
ঘ) পৱন তালুকদাৰ

ছাত্রী নিবাসসমূহৰ বাবে :
ক) ড৹ বিনিতা পাঠক
খ) ড৹ গীতাঞ্জলি দেৱী
গ) বিজিতা শ‍ইকীয়া
ঘ) ড৹ প্রিয়াক্ষী মহন্ত

২) এটা ৰেপিড এক্সন চেল:
ক) ড৹ দেব কুমাৰ চক্ৰৱৰ্তী
খ) ড৹ নীতা কলিতা বৰুৱা
গ) ড৹ অংকুৰ ভৰালী
ঘ) ৬৹ চন্দন কুমাৰ শৰ্মা
ঙ) ড৹ জয়ন্ত কুমাৰ বৰা
চ) ড৹ বিভূতি ভূষণ কাকতি
ছ) ড৹ ৰূপম শ‍ইকীয়া

জ) হোষ্টেলসমূহৰ আটাইকেইগৰাকী অধীক্ষক
ঝ) ড৹ মনোজ তামুলী
ঞ) ড৹ জিতু ৰঞ্জন চেতিয়া
ত) ড৹ মৃদুল গগৈ
থ) জয়ন্ত কুমাৰ গগৈ
দ) সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা
ধ) সাধাৰণ সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা

৩) এটা কাউন্সেলিং চেল:
ক) ড৹ নীতা কলিতা বৰুৱা
খ) ড৹ মৃদুল বৰদলৈ
গ) ড৹ বিনোদ চন্দ্র বড়া
ঘ) ড৹ স্বাতী কিৰণ
ঙ) পৰিস্মিতা গগৈ
চ) বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক মনস্তত্ত্ব বিভাগৰ অধ্যয়ন কেন্দ্ৰৰ শিক্ষকসকল
ছ) ড৹ মনোজ তামুলী
জ) ড৹ জিতু ৰঞ্জন চেতিয়া

আনহাতে বিশ্ববিদ্যালয়খনৰ ৰেগিঙৰ ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া চলি থাকিব বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰ লগতে আৰক্ষীয়ে আটক কৰা ৪জনকৈ ছাত্ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক: DU ragging controversy: সংকটজনক অৱস্থাৰ বাবে আনন্দ শৰ্মাক AIIMSলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.