ETV Bharat / state

Top ten news: পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Dec 5, 2022, 10:59 AM IST

Etv Bharat top ten news
Etv Bharat top ten news

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ চাওক

DU ragging update: হাতত হেণ্ডকাফ লগাই ৰাহুল চেত্ৰীক চোঁচৰাই নিলে আৰক্ষীয়ে

অৱশেষত আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে (DU Ragging Update) ৷ লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুল চেত্ৰীক হাতত হেণ্ডকাফ লগাই চোঁচৰাই নিলে সদৰ থানাৰ ভিতৰলৈ (Rahul Chetry Arrested) ৷ ৰাহুল চেত্ৰীক সংবাদমাধ্যমৰ মুখা-মুখি হোৱাতো বাধা প্ৰদান আৰক্ষীৰ (DU Rahul Chetry) ৷

Prime accused of DU ragging: অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ (DU ragging incident) ৷ লেখাপানী থানাত আত্মসমৰ্পণ ৰাহুল চেত্ৰীৰ (Rahul Chetry Surrendered) ৷ আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত আছিল ৰাহুল চেত্ৰী ৷ কিছু দিন ধৰি পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী ৷ ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে ৰাহুল চেত্ৰীক (DU ragging prime accused) ৷

Gujarat assembly election phase2: আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ(Gujrat assembly election 2022) ৷ গুজৰাট বিধানসভাৰ 14 খন জিলাৰ মুঠ 93টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ ৷ ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিজা সমষ্টি ৷ অহা 8 ডিচেম্বৰত হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷

Allegation of fraud: লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ ৷ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ বেহা চলাৰ অভিযোগ (Allegation of fraud) ৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছে নন্দন বৰা নামৰ কৰ্মচাৰীজন (Revenue circle office employee arrested) ৷

Lalu kidney transplant : ছিংগাপুৰত হ'ব লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ

সোমবাৰে ছিংগাপুৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ কৰা হ'ব (Kidney transplant for Lalu Yadav)। তেওঁৰ দ্বিতীয় কন্যা ৰোহিনী আচাৰ্যই পিতৃক বৃক্ক দান কৰিব । অস্ত্ৰোপচাৰ যাতে সফলতাৰে হয় তাৰ বাবে টুইটযোগে কন্যাই ৰাইজৰ পৰা প্ৰাৰ্থনা বিচাৰিছে ।

Gujarat Congress MLA attacked: গুজৰাটত কংগ্ৰেছ বিধায়কক আক্ৰমণ দুৰ্বৃত্তৰ

গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে নিৰ্বাচনী হিংসা (Gujrat election violence) ৷ গুজৰাটৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দান্তা সমষ্টিৰ কংগ্ৰেছ বিধায়ক কান্তি খাৰাদিক আক্ৰমণ দুৰ্বৃত্তৰ (Congress MLA attacked) ৷ এই আক্ৰমণেৰে বিজেপিৰ লোক জড়িত থকাৰ অভিযোগ ভাগদাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীৰ ৷

War against drugs: ডিফুত 4 কোটি টকাৰ ড্ৰাগছ জব্দ

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Assam drugs smuggling) ৷ লাহৰিজান আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্ৰায় চাৰি কোটি টকা মূল্যৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী ৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড-ফ্ৰান্স

ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত অহা দেওবাৰে মুখামুখি হ’ব ইংলেণ্ড আৰু ফ্ৰান্স (FIFA World Cup quarter final)৷ নিশা 12.30 মিনিটত দুয়োটা দলৰ মাজত হ’ব এই খেলখন ৷

Minister Sanjoy Kishan convoy crashed: ৰাজপথত মন্ত্ৰীৰ দেহৰক্ষী-আৰক্ষী জোৱানৰ মাজত খণ্ডযুদ্ধ

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দুৰ্ঘটনাত পতিত হয় মন্ত্ৰী সঞ্জয় কিষাণৰ(Minister Sanjoy Kishan) কনভয়ৰ চাৰিখনকৈ বাহন ৷ এই দুৰ্ঘটনাৰ পাছতেই মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ চালক-দেহৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় নলবাৰী আৰক্ষীৰ এজন জোৱান ৷

GMC mud scam: গুৱাহাটীলৈ অনা হ’ল ধৃত বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক

গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক শুকুৰবাৰে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল (Contractor Mithu Agarwal arrested) ৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অভিযান চলাই বিহাৰৰ চুপলৰ ত্ৰিৱেণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত ঠিকাদাৰজনক ৷ ডিনচানৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালৰে মিলি মিঠু আগৰৱালাই সংঘটিত কৰিছিল এই বিয়াগোম কেলেংকাৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.