ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 17, 2022, 8:59 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Flood in Assam: বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্ত হৈ পৰিছে জলমগ্ন ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ৷ বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈছে বহু অঞ্চলৰ (Flood in Assam)৷ বানে উটুৱাই নিছে পথ, পথতেই বাগৰি পৰিছে গছ, আবদ্ধ হৈ পৰিছে যাত্ৰী ৷

ইটানগৰত ভূমিস্খলনত শিশুৰ মৃত্যু; সন্ধানহীন দুজন

অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলন(Landslide in Arunachal) ৷ ইটানগৰৰ পাঞ্জাৱী ধাবা যংছেটেৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত আৱদ্ধ এটা পৰিয়াল ৷ উদ্ধাৰকাৰী দলে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰে এটা শিশুৰ মৃতদেহ(Child died in landslide in Itanagar) ৷ বাকী তিনিজনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন হৈছে দুজনকৈ সদস্য ৷

Inconclusive Indo-Naga talks : এছ চি জামিৰক গৰিহণা এন এছ চি এন এই এমৰ

কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈয়ে সামৰণি পৰিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আহ্বান মৰ্মে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডো-নগা শান্তি আলোচনাৰ বৈঠক (Indo Naga talks remains inconclusive )৷ এন এছ চি এন ইশ্বাক মুইভা গোটে সোমবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি জামিৰৰ সৈতে মিলামিচা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সমালোচনা কৰে ৷ এছ চি জামিৰে লেতেৰা ৰাজনীতি কৰা বুলি অভিযোগ কৰে এন এছ চি এনৰ সদস্যকেইগৰাকীয়ে (NSCN IM lambasts SC Jamir) ৷

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও

প্ৰাকৃতিক দুৰ্যোগত কোঙা হৈ পৰিছে পাহাৰীয়া জিলা ডিমা হাছাও । ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ । যোগাযোগ, বিদ্যুৎ সেৱা বিঘ্নিত হোৱাৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন(Normal life completely disrupted in Dima Hasao) । নিউ হাফলং ষ্টেচন সম্পূৰ্ণৰূপে মাটিৰ তলত (Dima Hasao still battling floods, landslides) ।

সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিলেহে আলফাৰে আলোচনা সম্ভৱ: ৰাণা প্ৰতাপ কলিতা

নাৰেংগী সেনা চাউনীত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাৰ সংবাদমেল (Eastern Command of Indian army Rana Pratap Kalita) । সংবাদমেলত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে । সাৰ্বভৌমত্বৰ বিষয়ত চৰকাৰে আলফাৰ সৈতে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে বুলি তেও উল্লেখ কৰে । আলোচনা কৰিবলগীয়া হ’লে আলফাই সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিব লাগিব তেওঁ মন্তব্য কৰে ।

পশ্চিম কাৰ্বি আংলঙত বানৰ সংহাৰী ৰূপ : কেইবাখনো গাওঁ পানীৰ তলত

কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলং জিলাৰ কেইবাটাও এলেকা (Flood in west Karbi Anglong) ৷ সৰ্বস্বান্ত কেইবা শতাধিক পৰিয়াল ৷

মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈ

১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ড৹ এল আৰ বিষ্ণৈক নিযুক্তি দিয়া হৈছে মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে (New DGP of Meghalaya)৷ অসম আৰক্ষীতো সুদীৰ্ঘ সময়জুৰি সেৱা আগবঢ়াই আহিছে এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷

কামপুৰত বানৰ সংহাৰ: পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰীয়ে

কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ ইখনৰ পাছত সিখনকৈ গাঁও (Flood effects Kampur of Nagaon district) ৷ বান পৰিস্থিতি বুজ লোৱা উদ্দেশ্যে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা কামপুৰত উপস্থিত হয় ।

দাড়ি আৰু গোঁফ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি ক্ষমা প্ৰাৰ্থনা কৰিলে ভাৰতী সিঙে

টিভি শ্ব’ৰ সময়ত দাড়ি আৰু গোঁফ সন্দৰ্ভত মন্তব্য কৰাৰ পিছত বিতৰ্কত লিপ্ত হৈছে কৌতুক অভিনেত্ৰী ভাৰতী সিং (Controversial beard mustache comment by comedian Bharti Singh ) । যাৰ বাবে এতিয়া ক্ষমা বিচাৰিছে তেওঁ ৷

বানত ক্ষতিগ্ৰস্থ ৰাজ্যৰ ২৩০ খন গাঁও: পাঁচজনৰ মৃত্য়ু

নোৱা দিহিং, লোহিত, চিয়াং, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, বেঁকী, গৌৰাং আদি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি হৈ থকা বুলি জল আয়োগে প্ৰকাশ কৰিছে (First wave Assam floods affects 6 districts) । বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ পাঁচজন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ৰাজ্যৰ পাঁচ ঠাইত মথাউৰি চিগাৰ তথ্য অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.