ETV Bharat / state

সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিলেহে আলফাৰে আলোচনা সম্ভৱ: ৰাণা প্ৰতাপ কলিতা

author img

By

Published : May 16, 2022, 10:34 PM IST

নাৰেংগী সেনা চাউনীত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাৰ সংবাদমেল (Eastern Command of Indian army Rana Pratap Kalita) । সংবাদমেলত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে । সাৰ্বভৌমত্বৰ বিষয়ত চৰকাৰে আলফাৰ সৈতে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে বুলি তেও উল্লেখ কৰে । আলোচনা কৰিবলগীয়া হ’লে আলফাই সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিব লাগিব তেওঁ মন্তব্য কৰে ।

Rana Pratap Kalita on ULFA I issue
সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিলেহে আলফাৰে আলোচনা সম্ভৱ: ৰাণা প্ৰতাপ কলিতা

গুৱাহাটী, ১৬ মে’: নাৰেংগীৰ সেনা চাউনীত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাৰ সংবাদমেল (Eastern Command of Indian army Rana Pratap Kalita)। সংবাদমেলত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে । সাৰ্বভৌমত্বj বিষয়ত চৰকাৰে আলফাৰ সৈতে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে (peach talk with ULFA I)। আলোচনা কৰিবলগীয়া হ’লে আলফাই সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিব লাগিব তেও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে (Rana Pratap Kalita on ULFA I issue) ।

সোমবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনীৰ ব্ৰহ্মপুত্ৰ হলত আয়োজিত ইষ্টার্ণ কমাণ্ডৰ সংবাদ মেলখনত কলিতাই কয়, শেহতীয়াভাৱে আলফালৈ যোৱাসকলৰ বহুতেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিভিন্ন অপৰাধৰ লগত জড়িত । তেওঁলোকৰ বিৰুদ্ধে পূৰ্বতে অপৰাধৰ লগত জড়িত থকাৰ বহু তথ্য পোৱা গৈছে । কিন্তু শেহতীয়াভাৱে আলফালৈ যোৱাসকলৰ বেছিভাগেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আলফাৰ সৈতে সংযোগ স্থাপন কৰি ম্যানমাৰ সীমান্ত পাৰ হৈ আলফাৰ শিবিৰলৈ যোৱাৰ তথ্য পোৱা গৈছে (Youth joins ULFA I)।

ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ পহৰা থাকে যদিও দুয়োখন দেশৰ মাজত এখন দেশৰ নাগৰিকে আন এখন দেশৰ ১৬ কিঃমিঃ ভিতৰলৈ কোনো ধৰণৰ কাগজ-পত্ৰ নথকাকৈ অহা-যোৱা কৰিব পাৰে । এই সুবিধাৰ গইনা লৈও একাংশই ম্যানমাৰৰ ভিতৰত থকা আলফাৰ শিবিৰলৈ যাব পাৰে বুলি ধাৰণা কৰা হৈছে । অসমৰ যুৱক-যুৱতীসকলক ৰাণা প্ৰতাপ কলিতাই আহ্বান জনায় যে, তেওঁলোক যাতে কোনো কাৰণতে নিজৰ সমাজখন, পৰিয়ালটো এৰি আলফালৈ নাযায় ।

আলফা এতিয়া উজনি অসমৰ কিছু সীমিত পৰিসৰত সক্ৰিয় হৈ আছে । যাৰ বাবে তাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহৰ কৰিব পৰা নাই নাই বুলি কলিতাই মন্তব্য কৰে । লগতে তেওঁ কয় যে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে সক্ৰিয় হৈ থকা আলফাই হত্যা-হিংসাৰে সমস্যাৰ সমাধান কৰিব নোৱাৰে । আমাৰ অসমীয়া সমাজ শান্তিপ্ৰিয় আৰু গণতান্ত্ৰিক ৷ ইয়াত হত্যা, হিংসাৰ কোনো স্থান নাই । হিংসাই কোনো সমস্যাৰ সমাধন নকৰে । ইফালে অসমৰ একাংশ টেলিভিছন চেনেলত পৰেশ বৰুৱাৰ পোনপটীয়া অনুষ্ঠান সম্প্ৰচাৰ হোৱা সন্দৰ্ভত জেনেৰেল কলিতাই কযয়, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ইয়াত সংবাদ মাধ্যমৰ মুক্ত স্বাধীনতা আছে ।

পাকিস্তানৰ সমৰ্থনপুষ্ট হিজবুল মুজাহিদীন, লস্কৰ-ই-তৈবাকে ধৰি বিভিন্ন উৎপন্থী সংগঠনৰ নেতাসকলৰ সাক্ষাৎকাৰ পাকিস্তানৰ লগতে কাশ্মীৰৰ টেলিভিছনত প্ৰত্যক্ষ কৰা বুলিও মন্তব্য কৰে ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীগৰাকীয়ে । আনহাতে অসমৰ যুৱক-যুৱতীসকল সেনা বাহিনীৰ বিষয়াকে ধৰি বিভিন্ন পদত যোগদান কৰাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াসৰ বাবে ছ'চিয়েল মিডিয়াৰ দায়িত্ব আছে বুলি মন্তব্য কৰি তেওঁ কয় যে, ইতিমধ্যে ৰাজ্যখনৰ ঠাই বিশেষে ক'চিং চেষ্টাৰ স্থাপন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে প্ৰাৰম্ভিক কথা পতা হৈছে । আনকি অসমত থকা সেনা শিবিৰসমূহকো দাঁতি কাষৰীয়া অঞ্চলত সেনা বাহিনীত ভৰ্তিৰ বিষয়ে সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে । এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰো এক গুৰুত্বপূর্ণ ভূমিকা আছে বুলি মন্তব্য কৰে ।

ইফালে সংবাদ মেলত অৰুণাচল প্ৰদেশ, ম্যানমাৰ আদি সীমান্তৰ শেহতীয়া স্থিতিৰ বিষয়ে সদৰি কৰে জেনেৰেল ৰাণা প্ৰতাপ কলিতাই । তেওঁ কয় যে সীমান্তত প্ৰত্যাহ্বান আছে । প্ৰতিটো সীমান্তয়েই গুৰুত্বপূৰ্ণ । ম্যানমাৰ সীমান্তত আমি অতি সস্তম হৈ আছো । যোৱা বছৰটো ঘটনাবহুলভাৱে পাৰ হৈছে । সীমান্তত বহুতো সমস্যা আছে । বিশেষ কৈ ভৌগোলিক সমস্যা । যাৰ বাবে সময়মতে উন্নয়নৰ কামসমূহ কৰিব পৰা হোৱা নাই । আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰিত নোহোৱাটো আন এক সমস্যা । আমি দুয়োপক্ষৰ মাজত বুজা বুজি কৰি আছো বুলি মন্তব্য কৰে ।

লগতে তেওঁ কয় যে আন্তঃগাঁথনি বিকাশৰ বাবে বিভিন্ন ধৰণৰ কাম কৰা হৈছে । ৩ বছৰত ৭৫০ মিটাৰ পথ নিৰ্মাণ কৰা হৈছে । তিব্বত জিনজিয়ান অঞ্চলত বহুতো উন্নয়ন হৈছে । চীনৰো সীমান্তলৈকে ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাই পথ, বিমানবন্দৰ নিৰ্মান হৈছে । 5G মোবাইল সেৱা উপলব্ধ সিটো পাৰে । আমিও সেইমতে আমাৰ প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিছো । জেহাদীৰ সম্পৰ্কত কয় যে পুলিচ আৰু পেৰা মিলিটেৰী ফৰ্চে কাম কৰি আছে । আমাৰ যেতিয়া সহায় বিচাৰিছে আমি কৰি আছো । আনহাতে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰি থকা হৈছে । স্থানীয় আৰক্ষীয়ে যেতিয়াই সহায় বিচাৰিছে তেতিয়াই সহায়ৰ আগবঢ়োৱা বুলি মন্তব্য কৰি তেও কয় যে, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ কাম কৰে উগ্ৰপন্থী সংগঠনবোৰে ।

লগতে পঢ়ক: মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.