ETV Bharat / city

মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈ

author img

By

Published : May 16, 2022, 7:50 PM IST

Updated : May 16, 2022, 11:00 PM IST

১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ড৹ এল আৰ বিষ্ণৈক নিযুক্তি দিয়া হৈছে মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে (New DGP of Meghalaya)৷ অসম আৰক্ষীতো সুদীৰ্ঘ সময়জুৰি সেৱা আগবঢ়াই আহিছে এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷

New DGP of Meghalaya
মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈ

গুৱাহাটী, 16 মে': অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া ড৹ এল আৰ বিষ্ণৈক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে সোমবাৰে নিযুক্তি দিয়া হৈছে (New DGP of Meghalaya) । আই পি এছ বিষয়া ড৹ বিষ্ণৈ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছিল ।

১৯৯১ চনৰ আই পি এছ ড৹ বিষ্ণৈয়ে বি টি এ ডিৰ সন্ত্ৰাসজৰ্জৰ সময়ত বি টি এ ডি এলেকাত উগ্ৰপন্থী সমস্যা সমাধানৰ দায়িত্বত আছিল ।

বি টি এ ডি এলেকাত উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত বিচক্ষণতাৰে দায়িত্ব পালন কৰা এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই অসম আৰক্ষীতো সুদীৰ্ঘ সময়জুৰি সেৱা আগবঢ়াই আহিছে ৷

লগতে পঢ়ক: পত্নী সহ দুই কন্যাক এৰি আলফা স্বাধীনলৈ গ’ল নেকি মৰাণৰ ৰোহিণী গগৈ ?

Last Updated : May 16, 2022, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.