ETV Bharat / state

কামপুৰত বানৰ সংহাৰ: পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰীয়ে

author img

By

Published : May 16, 2022, 9:43 PM IST

কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ ইখনৰ পাছত সিখনকৈ গাঁও (Flood effects Kampur of Nagaon district) ৷ বান পৰিস্থিতি বুজ লোৱা উদ্দেশ্যে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা কামপুৰত উপস্থিত হয় ।

Flood effects Kampur of Nagaon district
কামপুৰত বানৰ সংহাৰ: পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰীয়ে

কামপুৰ, 16 মে’: নগাঁৱৰ কামপুৰত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ কপিলী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ইখনৰ পাছত সিখনকৈ ৰাজহ গাঁও ৷ এই পৰ্যন্ত প্ৰায় ৫০ খন গাওঁ বানৰ কৱলত পৰিছে ৷ কামপুৰৰ গাৰোখুন্দাত মথাউৰি ভঙাৰ ফলত চাইবুক গাঁৱকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে (Flood effects Kampur of Nagaon district)।

আনহাতে প্ৰেমাজানৰ মথাউৰি ভঙাৰ ফলত কপিলী নৈৰ বাঢ়নি পানীয়ে গোসাঁইগাঁৱত এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰিছে । গোসাইগাঁৱত পথৰ ওপৰৰে পানী বাগৰাৰ ফলত অঞ্চলটোৰ ঘৰে ঘৰে এতিয়া এবুকু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে (Flood in Nagaon)। ইতিমধ্যে কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত ভলভলীয়া গাওঁ মাথাউৰি, চাইবুক গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ বান পৰিস্থিতি বুজ লোৱা উদ্দেশ্যে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হয় (Pijush Hazarika visit flood situation) ।

কামপুৰত বানৰ সংহাৰ: পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰীয়ে

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে । বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ পাঁচজন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । এই পৰ্যন্ত ৰাজ্যৰ পাঁচ ঠাইত মথাউৰি চিগাৰ তথ্য অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে । ইয়াৰোপৰি অহা ২৪ ঘণ্টাত বাক্সা, বঙাইগাঁও, বৰপেটা, নলবাৰী, ধেমাজি আৰু লখিমপুৰত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে ৷

লগতে পঢ়ক: বানত ক্ষতিগ্ৰস্থ ৰাজ্যৰ ২৩০ খন গাঁও: পাঁচজনৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.