ETV Bharat / health

শুকান ছাল আৰু হাঁপানীৰ পৰা আঁতৰি থাকিব বিচাৰিলে এনেদৰে ব্যৱহাৰ কৰক AC - AC Side effects

AC Side effects : চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ এ চিৰ দীৰ্ঘম্যাদী ব্যৱহাৰে ছাল শুকান কৰাকে ধৰি কেইবাটাও স্বাস্থ্যৰ বিপদাশংকা সৃষ্টি কৰিব পাৰে । ই এলাৰ্জিক ৰাইনাইটিছ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগক অধিক বেয়া পৰ্যায়লৈ লৈ যাব পাৰে আৰু লগতে সংক্ৰমণৰ আশংকাও বৃদ্ধি কৰিব পাৰে ।

AC Side effects
এনেদৰে ব্যৱহাৰ কৰক AC (etv bharat)
author img

By ETV Bharat Assamese Team

Published : June 3, 2024 at 4:14 PM IST

3 Min Read
Choose ETV Bharat

যদিও এ চিয়ে প্ৰচণ্ড গৰমত অতিকে প্ৰয়োজনীয় সকাহ প্ৰদান কৰে, তথাপিও কিন্তু এ চিৰ ব্যৱহাৰ স্বাস্থ্যৰ পক্ষে ভাল নহয় ৷ চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে ইয়াৰ দীৰ্ঘম্যাদী ব্যৱহাৰৰ ফলত ছাল আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি হ’ব পাৰে । দ্ৰুত গতিত বিকশিত হোৱা নগৰ-অঞ্চল আৰু উপাৰ্জন বৃদ্ধিৰ সৈতে, অধিক লোকে উচ্চ তাপৰ সংস্পৰ্শ পৰিহাৰ কৰিবলৈ এ চি ব্যৱহাৰ কৰি আছে । ই সাধাৰণতে পানীৰ বাষ্প ঘনীভূত হোৱাৰ পিছত আৰ্দ্ৰতা হ্ৰাস কৰি বায়ু শীতল কৰাত সহায় কৰে ।

বেংগালুৰুৰ মণিপাল হাস্পতালৰ পৰামৰ্শদাতা পালমোন’লজিষ্ট সুহাছ এইচ এছে আই এন এছক কয় যে, “দীৰ্ঘদিন ধৰি এ চি ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বহু বিপদ হ’ব পাৰে, ইয়াৰ ভিতৰত ছাল শুকান হৈ পৰা, ছাল উঠা আৰু টান খোৱা ছালৰ পৰা আৰম্ভ কৰি মূৰৰ বিষ, শুকান কাহ, মূৰ ঘূৰোৱা আৰু বমি, মনোনিৱেশ কৰাত অসুবিধা, ভাগৰ আৰু গোন্ধৰ প্ৰতি সংবেদনশীলতালৈকে সকলো হ’ব পাৰে ।" চিকিৎসকগৰাকীয়ে কয় যে যদি এ চিক সঠিকভাৱে ব্যৱহাৰ কৰা নাযায় শ্বাস-প্ৰশ্বাসজনিত নাকৰ এলাৰ্জিক ৰোগ আৰু হাঁপানীৰ দৰে ৰোগ অধিক বেয়া মাত্ৰালৈ নিয়াৰ লগতে সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলে দীঘলীয়া সময়ৰ বাবে ঠাণ্ডাৰ সংস্পৰ্শত নাথাকিবলৈ পৰামৰ্শ দিছে ।

ছাৰ গংগা ৰাম চিকিৎসালয়ৰ মেডিচিন বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা এম ৱালীয়ে আই এন এছক কয়, "শীততাপ নিয়ন্ত্ৰণৰ সৈতে সম্পৰ্কিত চিকিৎসাজনিত সমস্যাটো হ'ল যে ইয়াৰ সঠিক ফিল্টাৰেচন নাই, পৰামৰ্শ দিয়া আদৰ্শ এইচ.ই.পি.এ.HEPA (high efficiency particulate air [filter]) ফিল্টাৰ খুব কম ব্ৰেণ্ডেড ভাল কোম্পানীৰ এয়াৰ কণ্ডিচনাৰতহে থাকে । ইয়াৰ অভাৱৰ বাবে, প্ৰদূষণৰ ফলত ফিল্টাৰবোৰ বন্ধ হৈ যায় আৰু সংক্ৰমণৰ আশংকা বৃদ্ধি হয় ।

ঘৰুৱা এ চি চেটআপতকৈ বাণিজ্যিক হিটিং, ভেণ্টিলেশ্যন আৰু এয়াৰ কণ্ডিশ্যনাৰ (HVAC) চেটআপত ইয়াৰ আশংকা বেছি । যদিও ঘৰুৱা এ চি কুলিং প্ৰণালী আৰু বেক্টেৰিয়া দূষিতকৰণৰ বিষয়ে বেছি তথ্য উপলব্ধ নহয়, কিছুমান বেক্টেৰিয়াই শীতল কইলত বায়’ফিল্ম গঠন কৰে আৰু ৯০ শতাংশতকৈ অধিক সময় এ চিৰ সংস্পৰ্শলৈ অহা মানুহৰ ক্ষেত্ৰত সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে ।"এই মন্তব্য গুৰুগ্ৰামৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটৰ জ্যেষ্ঠ সঞ্চালক তথা আভ্যন্তৰীণ চিকিৎসাৰ ইউনিট মুৰব্বী সতীশ কৌলৰ । ইয়াৰ উদাহৰণ হ’ব পাৰে লিজিয়নেৰ ৰোগ, যিটো নিউমোনিয়াৰ এক গুৰুতৰ ৰূপ ।

বিশেষজ্ঞৰ পৰামৰ্শ

সতীশে আই এন এছক জনোৱা মতে, এইচ ভি এ চি ব্যৱস্থাত দূষিত পানী আৰু তাৰ ফলত হোৱা এৰ’ছল কুঁৱলীৰ বাবে অস্বাভাৱিক বেক্টেৰিয়া বিয়পি পৰি লিজিয়নেৰ ৰোগ ধৰা পৰিছিল । ইয়াৰ উপৰিও অত্যন্ত গৰমৰ সংস্পৰ্শত থাকি হঠাতে ঠাণ্ডা এ চি কোঠালৈ সোমাই গ’লে ব্ৰংকোকনষ্ট্ৰিকশ্যন হ’ব পাৰে বুলি ছাৰ গংগাৰাম হাস্পতালৰ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা এম ৱালীয়ে কয় । হাঁপানী ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত এই ৰোগে অধিক দেখা দিব পাৰে । বিশেষজ্ঞসকলে এচি ফিল্টাৰ সঠিকভাৱে পৰিষ্কাৰ কৰি প্ৰতি দুঘণ্টাৰ মূৰে মূৰে এ চি বন্ধ কৰাৰ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক : মৃত্যুদূত বুলি ভবা কৰ্কট ৰোগ এতিয়া ধৰা পেলাব পাৰিব ৭ বছৰ পূৰ্বেই - Cancer