ETV Bharat / bharat

Inconclusive Indo-Naga talks : এছ চি জামিৰক গৰিহণা এন এছ চি এন এই এমৰ

author img

By

Published : May 17, 2022, 8:04 AM IST

Updated : May 17, 2022, 8:17 AM IST

কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈয়ে সামৰণি পৰিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আহ্বান মৰ্মে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডো-নগা শান্তি আলোচনাৰ বৈঠক (Indo Naga talks remains inconclusive )৷ এন এছ চি এন ইশ্বাক মুইভা গোটে সোমবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি জামিৰৰ সৈতে মিলামিচা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সমালোচনা কৰে ৷ এছ চি জামিৰে লেতেৰা ৰাজনীতি কৰা বুলি অভিযোগ কৰে এন এছ চি এনৰ সদস্যকেইগৰাকীয়ে (NSCN IM lambasts SC Jamir) ৷

Inconclusive Indo-Naga talks
Inconclusive Indo-Naga talks

নিউজ ডেস্ক, 17 মে’: অমীমাংসিত হৈ ৰ’ল ইণ্ডো-নগা শান্তি আলোচনা সন্দৰ্ভত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৈঠক (Inconclusive Indo Naga talks) ৷ ইয়াৰ পাচতেই নেশ্যনেল চ’ছিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড চমুকৈ এন এছ চি এন ইশ্বাক মুইভা গোটে সোমবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি জামিৰৰ সৈতে মিলামিচা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সমালোচনা কৰে (NSCN IM criticizes MHA)৷ কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈয়ে সামৰণি পৰা বহু চৰ্চিত বৈঠকখনৰ অন্তত সংগঠনটোৰ দহ গৰাকী সদস্য ৰাজধানী দিল্লীৰ পৰা উভতি যায় নাগালেণ্ডলৈ ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আহ্বান মৰ্মে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা বৈঠকখন অতি জৰুৰী আছিল ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰাই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ ইণ্ডো-নগা শান্তি আলোচনাত অংশ গ্ৰহণকাৰীসকলক আহ্বান জনায় ৷ এই চুক্তিৰ ক্ষেত্ৰত নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল এছ চি জামিৰে লেতেৰা ৰাজনীতি কৰা বুলি অভিযোগ কৰে এন এছ চি এনৰ সদস্যকেইগৰাকীয়ে (NSCN IM lambasts SC Jamir)৷

তেওঁলোকে কয় যে, কেতিয়াও শেষ নোহোৱা নগা ৰাজনৈতিক সমস্যাৰ মূল হৈছে 16 দফীয়া চুক্তি (The 16 point agreement) আৰু এই চুক্তিখনৰ অন্যতম ৰূপকাৰ হোৱাৰ বাবে এতিয়াও প্ৰক্ৰিয়াটোক লৈ হেতালি খেলি থকা একমাত্ৰ জীৱিত ব্যক্তিজন এছ চি জামিৰৰ বাহিৰে আন কোনো নহয় (S C Jamir)৷

সংগঠনটোৱে লগতে কয়, ‘‘এছ চি জামিৰৰ নিষ্ঠুৰতা আৰু চৰম বিশ্বাসঘাতকতাৰ বাবে নগাসকল যঠেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ দুৰ্ভাগ্যজনকভাৱে, ভাৰত চৰকাৰে শান্তি আলোচনাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে এইজন ব্যক্তিৰেই কাষ চাপিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এছ চি জামিৰৰ সৈতে মিলামিচা কৰাতকৈ এন এছ চি এনৰ বাবে বিৰক্তিকৰ আন একোৱেই নহয়’’ ৷

1963 ত নাগালেণ্ডক পৃথক ৰাজ্য ঘোষণা কৰাৰ পূৰ্বেই 1960 চনত নগা পিপলচ্ কনভেনচন চমুকৈ এন পি চি আৰু ভাৰত চৰকাৰৰ মাজত 16 দফীয়া চুক্তি স্বাক্ষৰ হৈছিল (The 16 point agreement)৷ এই চুক্তিত স্বাক্ষৰ কৰা 21 গৰাকী লোকৰ ভিতৰত একমাত্ৰ জীৱন্ত ব্যক্তি হৈছে এছ চি জামিৰ ৷ এন এছ চি এন-আই এমে কয়, ‘‘ইণ্ডো-নগা ৰাজনৈতিক ইতিহাস এই বাবেই জীয়াই আছে যে, যেতিয়া 16 দফীয়া চুক্তি স্বাক্ষৰিত হৈছিল আৰু নাগালেণ্ডক পৃথক ৰাজ্য ঘোষণা কৰা হৈছিল, তেতিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কিবা সমস্যাৰ উমান পাই লণ্ডনত এ জে ফিজোক লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰি লোকসভাত এটা বিবৃতি দিছিল’’ ৷

আঙমি ঝাপু ফিজো আছিল এগৰাকী নগা ৰাষ্ট্ৰীয়তাবাদী নেতা ৷ তেওঁৰ নিৰ্দেশতেই নগা নেশ্যনেল কাউঞ্চিলে নগাসকলৰ আত্ম-নিৰ্ণয়ৰ অধিকাৰৰ দাবী উত্থাপন কৰিছিল ৷ এন এছ চি এন আই এমে লগতে কয় যে, ফিজোক সাক্ষাৎ কৰাৰ বাবে নেহৰুৱে প্ৰকাশ কৰা ইচ্ছাই(Nehru wished to meet A Z Phizo) তাৎক্ষণিকভাৱে সেই সময়ৰ সংসদীয় সচিব হিচাপে কৰ্তব্যৰত এছ চি জামিৰৰ মনত এক ভয় বা আতংকমূলক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

এন এছ চি এন আই এমে প্ৰকাশ কৰা অনুসৰি, জামিৰে নগালেণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী শিলু আও লৈ লিখিছিল, যদি ফিজোৰ সৈতে নেহৰুৰ সাক্ষাৎ বাস্তবায়িত হয় তেন্তে তেওঁ তালি-টোপোলা বান্ধি গৃহাভিমুখী হ’ব ৷ জামিৰে লগতে কৈছিল যে, আনতকৈ অধিক সমস্যা সৃষ্টি কৰিব পৰাকৈ তেওঁ সক্ষম ৷ ১৬ দফীয়া চুক্তিখনৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ আছিল জামিৰ ৷

সংগঠনটোৱে লগতে কয় যে, অৱশেষত মুখ্যমন্ত্ৰী শিলু আও আৰু তেওঁৰ সহযোগী সকলে জামিৰৰ ভাবুকি পত্ৰৰ সৈতে সংগতি ৰাখি ফিজোৰ সৈতে নেহৰুৰ সাক্ষাতৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে ৷ তাৰ পাচত নাগালেণ্ডত শান্তি বিৰাজ নকৰা হ’ল আৰু বহুতে প্ৰাণ হেৰুৱালে ৷

এন এছ চি এন আই এমে ইতিপূৰ্বে অভিযোগ তুলিছে যে, জামিৰে ২০১৫ চনৰ ফ্ৰেমৱৰ্ক চুক্তিখনো লঘু কৰি পেলাইছিল আৰু তেওঁৰ আকাংক্ষাৰ সৈতে খাপ খোৱাকৈ বিভিন্ন ৰূপত ইয়াৰ ভুল ব্যাখ্যা কৰিছিল ৷ তেওঁ আটাইতকৈ বেছি ভালপোৱা 16 দফীয়া চুক্তিৰ প্ৰতিৰক্ষা ৰখাৰ বাবে এছ.চি. জামিৰ এতিয়াও জীয়াই আছে ৷ ভাৰত চৰকাৰ অতীতৰ পৰা শিক্ষা ল’বলৈ ইচ্ছুক নহয় কিয় ? এখন প্ৰকৃত, সন্মানীয় তথা ইণ্ডো-নগা ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধান কৰিব পৰা চুক্তি বন্ধ কৰিবলৈ ভাৰত চৰকাৰে কিয় সুবিধা কৰি দিছে জামিৰক ? এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে এন এছ চি এন আই এমে ৷ এনেবোৰ খেলিমেলিৰ মাজত অনিশ্চিত হৈ ৰৈছে নগা শান্তি আলোচনা ৷

লগতে পঢ়ক : সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিলেহে আলফাৰে আলোচনা সম্ভৱ: ৰাণা প্ৰতাপ কলিতা

Last Updated :May 17, 2022, 8:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.