ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Dec 24, 2021, 7:00 PM IST

7 বজাৰ সংবাদ শীৰ্ষ
7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ

National consumer day: গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো পালন ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস (National consumer day)। এই দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গ্ৰাহক সুৰক্ষা সংস্থাই । গ্ৰাহকৰ সুৰক্ষা আৰু বিভিন্ন দাবীৰে এই প্ৰতিবাদ সংস্থাৰ ।

লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠীৰ বঁটা

বিশিষ্ট নাট পৰিচালক তথা নাট্য গোষ্ঠী অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠী 'তপস্যা'ৰ বিশেষ সন্মান(Tarun smriti smarak award to Dayal Krishna Nath) । চলিত বৰ্ষৰ তৰুণ স্মৃতি স্মাৰক বঁটা আগবঢ়োৱা হৈছে অসমৰ নাট্যকৰ্মীগৰাকীলৈ । ২০২২চনৰ ২ জানুৱাৰীত দয়াল কৃষ্ণ নাথক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব ।

SMSS protest in Tinsukia: নিয়োগ মেলাৰ বিৰোধীতাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বৃহস্পতিবাৰে অসমৰ বিভিন্ন জিলাত অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা হয় নিয়োগ মেলাৰ (Job Mela in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা এই নিয়োগ মেলাত যথেষ্ট সংখ্যক শিক্ষিত যুৱক-যুৱতীয়ে যোগদান কৰা দেখা গৈছিল ৷ বহু আশাৰে এই মেলালৈ আহি অসন্তুষ্টিহে প্ৰকাশ কৰা দেখা গ’ল শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে (Assam Youth are not satisfied with job fair) ৷ যাৰ বিৰোধিতাৰে কেন্দ্ৰীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত তিনিচুকীয়াত শুকুৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ (SMSS protest against Job Mela in Assam) ৷

Corruption in Sonari: ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সোণাৰিত ৰাইজৰ প্ৰতিবাদ

দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ সোণাৰিত ৰাইজৰ প্ৰতিবাদ (Protest against corrupt contractor in Sonari)। ঠিকাদাৰৰ ভুলৰ বাবে ১০ কোটি টকাৰ পথ এবছৰৰ ভিতৰতে জহি খহি যোৱাৰ অভিযোগ ৰাইজৰ । ঠিকাদাৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ।

Human elephant conflict in Tripura: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ভুক্তভোগী ৰাইজৰ

ত্ৰিপুৰাত হস্তী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Human elephant conflict taken serious turn in Tripura)। প্ৰায়ে বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি, খেতিপথাৰ নষ্ট কৰা দেখা যায় । কিন্তু এই ক্ষেত্ৰত স্থানীয় লোকসকলৰ সুৰক্ষা প্ৰদানৰ কোনো ব্যৱস্থা নাই বন বিভাগ তথা চৰকাৰৰ । যাৰ বাবে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে লোকসকলে । ৰাইজৰ এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰী ৰাইজৰ ।

মাজুলীত যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত

যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় অংকিতা দত্ত ৷ তেওঁ জৱ মেলা নামত অসমীয়া যুৱক-যুৱতীক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী জনায় ৷

Akhil Gogoi stages protest in assembly : বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

বিধানসভা চৌহদত 'এক লাখ চাকৰি কেতিয়া, ক'ত' আৰু '২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে' লিখা বিশেষ টি-ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীৰ প্ৰতিবাদ (Akhil Gogoi protests in assembly) । আগন্তুক বৰ্ষৰ মে' মাহৰ ভিতৰত কথা মতে এক লাখ চাকৰি দিয়াৰ বাবে দাবী । হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব । এক লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক ।

Ludhiana Court blast: বিস্ফোৰণৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে পঞ্জাৱৰ লুধিয়ানা আদালতত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে কয় যে, এই ঘটনাৰে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে(Charanjit Singh Channi on Ludhiana Court blast) । বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে ।

ক্ৰিকেটৰ পৰা অৱসৰ হৰভজন সিঙৰ

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে হৰভজন সিঙে (Harbhajan Singh announces retirement)৷ ভাৰতৰ কিংবদন্তী স্পিনাৰগৰাকীয়ে টুইটৰ জৰিয়তে ঘোষণা কৰে অৱসৰৰ কথা ৷

Filmmaker Sethumadhavan passes away : প্ৰসিদ্ধ ছবি নিৰ্মাতা কে এছ সেতুমাধৱনৰ দেহাৱসান

প্ৰসিদ্ধ ছবি নিৰ্মাতা কে এছ সেতুমাধৱনৰ পৰলোকপ্ৰাপ্তি(Filmmaker K.S. Sethumadhavan no more) । শুকুৰবাৰে চেন্নাইত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ৫০ৰ দশকৰ শেষৰ ফালে কেৰিয়াৰ আৰম্ভ কৰা ছবি নিৰ্মাতাগৰাকীক ১০ বাৰকৈ ৰাষ্ট্ৰীয় বঁটা আৰু ৯ বাৰকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.