মাজুলীত যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত

author img

By

Published : Dec 24, 2021, 3:51 PM IST

Youth Congress President Angkita Dutta visit Majuli

যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় অংকিতা দত্ত ৷ তেওঁ জৱ মেলা নামত অসমীয়া যুৱক-যুৱতীক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী জনায় ৷

মাজুলী, 24 ডিচেম্বৰ : যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত(Youth Congress President Angkita Dutta)ই শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলী(Angkita Dutta visit Majuli)ত উপস্থিত হয় । মাজুলীত উপস্থিত হৈ অংকিতা দত্তই লক্ষী শইকীয়া(Congress leader Lakhi Saikia)ৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অংকিতাই লক্ষী শইকীয়াৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ দৰে লোকসকলৰ বাবেই আজি কংগ্ৰেছ দল এই পৰ্যায়ত উপনীত হৈছে বুলি উল্লেখ কৰে ৷ অংকিতাই লগতে তেওঁলোকৰ আদৰ্শৰেই আহি থকা দিনত কংগ্ৰেছ দলক আগবঢ়াই নিব বুলি মন্তব্য কৰে ।

Youth Congress President Angkita Dutta visit Majuli
যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত

ইফালে মাজুলীত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ নিবনুৱা সংস্থাপনত ব্যৰ্থ চৰকাৰখনে জৱ মেলা(Job Mela in Assam)ৰ নামত নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলৰ সপোনক ভৰিৰে মোহাৰিবলৈ কুন্ঠাবোধ কৰা নাই বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । অংকিতাই লগতে মুখ্যমন্ত্ৰীক এই অধিকাৰ কোনে দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ?

যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত

অংকিতাই লগতে চৰকাৰী সংস্থাপনৰ নামত স্নাতক আৰু স্নাতকোত্তৰ উৰ্ত্তীণ কৰি থকা যুৱক-যুৱতীক মেৰিগল্ড বিস্কুট কম্পেনিত চাকৰি দিয়াৰ নামত জৱ মেলা পতাটো হাস্যকৰ বুলি মন্তব্য কৰে । তেওঁ মুখ্যমন্ত্ৰীক অসমৰ যুৱক-যুৱতীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় আৰু ইয়াৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Om Birla in Guwahati: বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষই: মুকলি কৰিলে বিধানসভা টিভি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.