Om Birla in Guwahati: বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষই: মুকলি কৰিলে বিধানসভা টিভি

author img

By

Published : Dec 24, 2021, 3:07 PM IST

Om Birla in Guwahati

গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Lok Sabha Speaker Om Birla in Guwahati)। অসম বিধানসভাত পোন প্ৰথমবাৰৰ বাবে ভাষণ দিয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । বিধানসভা টিভি" নামেৰে এটা ডিজিটেল চেনেল মুকলি কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে ।

গুৱাহাটী,২৪ ডিচেম্বৰ : প্ৰথমবাৰৰ বাবে অসম বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষই ‌(Speaker Om Birla address Assam legislative assembly)। শুকুৰবাৰে পুৱাই দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Lok Sabha Speaker Om Birla in Guwahati)। বিমান বন্দৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদিয়ে তেওঁক আদৰণি জনায় । তাৰ পৰা পোনে পোনে লোকসভাৰ অধ্যক্ষ গৰাকীক বিধানসভালৈ অনা হয় ।

বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত "বিধানসভা টিভি" নামেৰে এটা ডিজিটেল চেনেল মুকলি কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে । এই চেনেলটোৰ জৰিয়তে এতিয়াৰে পৰা ৰাইজে বিধানসভাত চলা সকলো কাৰ্যক্ৰমণিকা চোৱাৰ লগতে আৰ্কাইভৰ সহায়ত সদনৰ পূৰ্বৰ কাৰ্যক্ৰমণিকাও উপভোগ কৰিব পাৰিব । এই কাৰ্যসূচীৰ পিছতে তেওঁ বিধানসভাৰ মজিয়াত ভৰি থয় আৰু সদনত উপস্থিত থকা ১২৬ গৰাকী জনপ্ৰতিনিধিক সম্বোধন কৰে ।

গোপীনাথ বৰদলৈ আৰু ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সুৱৰি তেওঁ লোকসভা আৰু বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ বুলি অভিহিত কৰে । সদনত মুখ্যমন্ত্ৰী, বিৰোধী দলপতিৰ লগতে প্ৰতিটো দলৰ বিধায়িনী দলৰ ফালৰ পৰা তেওঁক আদৰণি জনোৱা হয় ।

লগতে পঢ়ক :Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.