Akhil Gogoi stages protest in assembly : বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

author img

By

Published : Dec 24, 2021, 4:43 PM IST

Akhil Gogoi protest in assembly

বিধানসভা চৌহদত 'এক লাখ চাকৰি কেতিয়া, ক'ত' আৰু '২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে' লিখা বিশেষ টি-ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীৰ প্ৰতিবাদ (Akhil Gogoi protests in assembly) । আগন্তুক বৰ্ষৰ মে' মাহৰ ভিতৰত কথা মতে এক লাখ চাকৰি দিয়াৰ বাবে দাবী । হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব । এক লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক ।

গুৱাহাটী, ২৪ ডিচেম্বৰ : ‘‘প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰি নিদিলে চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব চৰকাৰক ৷ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কেৱল চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব’’ । এই মন্তব্য বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) ৷

শুকুৰবাৰে আছিল অসম বিধানসভা অধিৱেশনৰ পঞ্চম দিন ৷ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পঞ্চম দিনাও ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক । নিয়োগ মেলাৰ নামত নিবনুৱাক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত শুকুৰবাৰে অখিল গগৈয়ে বিশেষ টি-ছ‍াৰ্ট পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে (Akhil Gogoi stages protests in assembly)।

বিধানসভা চৌহদত 'এক লাখ চাকৰি কেতিয়া, ক'ত' আৰু '২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে' লিখা বিশেষ টি-ছাৰ্ট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰেও "ভাষা নাথাকিলে জাতি নাথাকে" লিখা থকা টি-ছাৰ্ট পিন্ধি প্ৰতিবাদ কৰিছিল বিধায়কগৰাকীয়ে (Protests against withdrawal of Assamese paper from APSC exam)। শুকুৰবাৰে ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈয়ে প্ৰশ্ন কৰে যে, ‘১ লাখ চাকৰি ক’ত ? কেতিয়া ?'

এক লাখ চাকৰি বিচাৰি বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় -'মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰক । পদ খালী আছে, কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে । মুখ্যমন্ত্ৰীয়ে ১০ লাখক কৰ্ম সংস্থাপন দিয়াৰ কথা কৈছিল । কিন্তু বৃহস্পতিবাৰে নিয়োগ মেলাত কি হ’ল সকলোৱে দেখিলে । নিয়োগ মেলাত কিমান পদ আছিল ৰাজহুৱা কৰিব লাগে ।

লগতে পঢ়ক : Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

মুখ্যমন্ত্ৰীক সমালোচনা কৰি অখিল গগৈয়ে কয় যে, অসম বিধানসভাৰ এইবাৰ আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় হ’ল মুখ্যমন্ত্ৰীয়ে বিধানসভাত মিছা কথা কয় । ৯৩ হাজাৰ কোটি টকা ঋণৰ বোজা চৰকাৰৰ । কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ৮২ হাজাৰ কোটি টকা ধাৰৰ কথা কয় ৷

সদনত মুখ্যমন্ত্ৰীয়ে ২ ঘণ্টা কথা কয় আৰু মই দুই মিনিট । সমান সমান কথা ক’ব দিয়ক, সকলো স্পষ্ট হ’ব বুলি তেওঁ কয় । তেওঁ চৰকাৰক মে' মাহৰ ভিতৰত কথা মতে এক লাখ চাকৰি দিয়াৰ বাবে দাবী জনায় ।

ইফালে ৰাজ্যৰ প্ৰতিখন জিলাত চি বি এছ ই স্কুল মুকলি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত তেওঁ কয় যে সেয়া কেতিযাও গ্ৰহণযোগ্য নহয় । ইয়াৰ বিপৰীতে মাতৃভাষাৰ বিদ্যালয় মুকলি কৰক জিলাই জিলাই বুলি তেওঁ কয় ।

লগতে পঢ়ক : Akhil Gogoi Opposes Assam Govt : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ইতিহাসৰ সবাটোকৈ ঋণগ্ৰস্ত চৰকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.