Human elephant conflict in Tripura: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ভুক্তভোগী ৰাইজৰ

author img

By

Published : Dec 24, 2021, 3:34 PM IST

Updated : Dec 24, 2021, 6:18 PM IST

Human elephant conflict in Tripura

ত্ৰিপুৰাত হস্তী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Human elephant conflict taken serious turn in Tripura)। প্ৰায়ে বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি, খেতিপথাৰ নষ্ট কৰা দেখা যায় । কিন্তু এই ক্ষেত্ৰত স্থানীয় লোকসকলৰ সুৰক্ষা প্ৰদানৰ কোনো ব্যৱস্থা নাই বন বিভাগ তথা চৰকাৰৰ । যাৰ বাবে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে লোকসকলে । ৰাইজৰ এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰী ৰাইজৰ ।

আগৰতলা, ২৪ ডিচেম্বৰ : বছৰ বছৰ ত্ৰিপুৰাত হস্তী মানুহৰ সংঘাত অব্যাহত আছে (Human elephant conflict continues in Tripura )। বন্যহস্তীৰ আক্ৰমণৰ ফলত বহু লোকৰো মৃত্যু হৈছে । যাৰ বাবে এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ লোকে (Protest seeking relief from wild elephant attack) । ৰাজ্যখনৰ বন্যহস্তীৰ সমস্যা সমাধানৰ দাবীত খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাত আৰু ইয়াৰ আশে-পাশে বাস কৰা লোকসকলে বৃহস্পতিবাৰে অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে (Villagers block NH in Tripura)।

প্ৰায় ৬ ঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে । বন বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (People protest in Tripura against forest department)। প্ৰতিবাদকাৰীসকলে দুখ প্ৰকাশ কৰি কয় যে যোৱা ৯ মাহ ধৰি বনৰীয়া হাতীৰ আক্ৰমণত মহাৰাণীপুৰ কাপালিটিলা, কৰ্মকাৰ তিলা, কাৰ্যালয় তিলা, ঝুম বাৰী, ভূমিহীন তিলা, উত্তৰ কৃষ্ণপুৰ, চাকমা ঘাট, মধ্য কৃষ্ণপুৰ, চম্পলাই আদি অঞ্চলৰ লোকসকল বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে ।

সেয়ে তেওঁলোকৰ প্ৰধান দাবী হৈছে ৰাজ্যৰ বনমন্ত্ৰী ঘটনাস্থলীলৈ আহি এই সমস্যা সমাধানৰ আশ্বাস দিব লাগে, তেতিয়াহে তেওঁলোকে অৱৰোধ উঠাই ল'ব । আনহাতে প্ৰতিবাদৰ খবৰ লাভ কৰাৰ পাছতে তেলিয়ামুৰা মহকুমা আৰক্ষী বিষয়া সোনা চৰণ জামাতিয়া, জিলা বন বিষয়া নীৰজ কুমাৰ চঞ্চল, তেলিয়ামুৰা বন সংমণ্ডল বিষয়া সুপ্ৰিয়া দেবনাথ, তেলিয়ামুৰা মহকুমা বন বিষয়া চাবিৰ কান্তি দাস, মহকুমা প্ৰশাসনৰ ডিচিএম প্ৰদীপ দেৱবৰ্মা আৰু অন্যান্য শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ।

এগৰাকী আন্দোলনকাৰীয়ে কোৱা মতে বন বিভাগে তেওঁলোকক আশ্বাস দিছে যে বনৰীয়া হাতীবোৰ আন কোনো ঠাইলৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰিব । আনকি বুধবাৰেও হাতীয়ে বহুতৰে ঘৰ, ধানখেতি নষ্ট কৰিছিল । সেয়ে প্ৰশাসনক ৭২ ঘণ্টাৰ ভিতৰত উপযুক্ত পদক্ষেপ ল'বলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীজনে অভিযোগ কৰা মতে এই বিষয়টো তেওঁলোকে প্ৰশাসনক বহুবাৰ অৱগত কৰিছে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই ।

আনহাতে ভুক্তভোগী লোকসকলক অতি শীঘ্ৰে বিত্তীয় ক্ষতিপূৰণ প্ৰদান কৰাৰো দাবী জনাইছে প্ৰতিবাদকাৰীসকলে । সাংবাদিকৰ সন্মুখত জিলা বন বিষয়া নীৰজ কুমাৰ চঞ্চলে কয় যে সচৰাচৰ শস্য চপোৱাৰ সময়চোৱাত হাতীৰ কাৰ্যকলাপ বৃদ্ধি পাই, যাৰ বাবে লোকসকলে লোকচানৰ সন্মুখীন হৈ আহিছে । প্ৰতিবাদকাৰীৰ দাবীসমূহে বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে বিষয়াগৰাকীয়ে । তেওঁলোকৰ দাবীসমূহ শীৰ্ষ পৰ্যায়লৈ প্ৰেৰণৰো ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ST status demand: জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ

Last Updated :Dec 24, 2021, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.