ETV Bharat / sports

কে কে আৰ বনাম এছ আৰ এইচ : প্ৰথমখন কোৱালিফায়াৰৰ পূৰ্বে এক বিশ্লেষণ - IPL 2024

author img

By ETV Bharat Sports Team

Published : May 21, 2024, 12:14 PM IST

KKR vs SRH Qualifier-1 Preview : কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে মঙলবাৰে মুখামুখি হ’ব চলিত আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰ মেচত ৷ দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া আজিৰ মেচখনত যথেষ্ঠ হাই স্ক’ৰ আশা কৰা হৈছে ৷

IPL 2024
কে কে আৰ বনাম এছ আৰ এইচ (Source : IANS)

স্প’ৰ্টছ ডেস্ক, 21 মে’ : মঙলবাৰে অনুষ্ঠিত হ’ব চলিত আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰ মেচ ৷ এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব ৷ সন্ধিয়া ৭.৩০ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই মেচখন । এই মেচখনৰ বিজয়ী দলটোৱে পোনপটীয়াকৈ প্ৰৱেশ কৰিব ছিজনৰ ফাইনেলত ৷

একে সময়তে পৰাজিত দলটোৱে ফাইনেলত উপনীত হ'বলৈ এলিমিনেটৰৰ বিজয়ীৰ সৈতে কোৱালিফায়াৰ-2 ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগিব । সেয়েহে মেচখন দুয়োটা দলৰ বাবেই অতিকৈ গুৰুত্বপূৰ্ণ ৷ প্ৰত্যেকেই মেচখন জিকি ফাইনেলত প্ৰৱেশৰ চেষ্টা চলাব ৷

হাই স্ক’ৰিং মেচ হোৱাৰ সম্ভাৱনা :

প্ৰথমখন কোৱালিফায়াৰ মেচত দুৰ্দান্ত ফৰ্মত থকা কলকাতা নাইট ৰাইডাৰ্ছে 'ৰাণ মেচিন' ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব । দুয়োটা দলে এই ছিজনত বহুবাৰ এক উন্নত স্ক’ৰ প্ৰদৰ্শন কৰিছে ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে এই ছিজনত আই পি এলৰ ইতিহাসৰ সৰ্বাধিক 287 ৰাণ সংগ্ৰহ কৰিছে ।

একে সময়তে কলকাতা নাইট ৰাইডাৰ্ছেও উন্নত মানদণ্ডৰ ৰাণ সংগ্ৰহ কৰিছে । এনে পৰিস্থিতিত এইটো স্পষ্ট যে, মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ দৰ্শকে উপভোগ কৰিব পাৰিব এখন হাই স্ক’ৰিং ৰোমাঞ্চকৰ মেচ ৷ অৱশ্যে ফাইনেলৰ দৌৰত অৱতীৰ্ণ হ’বলৈ প্ৰত্যেকেই যথেষ্ট পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ’ব ৷

কে কে আৰৰ শক্তি আৰু দুৰ্বলতা :

বেটিং আৰু বলিং দুয়োটাতে এই ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰদৰ্শন উৎকৃষ্ট আছিল । যাৰ বাবে কে কে আৰে তেওঁলোকৰ প্ৰায়সংখ্যক মেচতে বৃহৎ ব্যৱধানত জয় লাভ কৰিছে । অৱশ্যে মঙলবাৰৰ মেচখনত দেখিবলৈ পোৱা নাযাব কে কে আৰৰ উইকেটকীপাৰ বেটছমেন ফিল চল্ট (435 ৰাণ) ক ৷ খেলুৱৈগৰাকীয়ে ইতিমধ্য়ে টী-20 বিশ্বকাপৰ পূৰ্বে ইংলেণ্ড দলত যোগদান কৰিবলৈ নিজ দেশলৈ উভতিছে ৷

চল্ট আৰু সুনীল নাৰিনৰ (461) অপেনিং যুটিটোৱে কে কে আৰক মেচৰ আৰম্ভণিতে এক সুন্দৰ ৰাণৰ ইনিংছ উপহাৰ দিছিল ৷ শেহতীয়াকৈ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ (287 ৰাণ) ফৰ্মেও দলটোক উদ্ধাৰকাৰীৰ ভূমিকা পালন কৰাত সহায় কৰিব ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ শক্তি আৰু দুৰ্বলতা :

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে স্পিন বলিং । মায়াংক মাৰ্কাণ্ডে হৈছে দলটোৰ একমাত্ৰ স্পিনাৰ, যিয়ে এই ছিজনত উইকেট লোৱাত ব্যৰ্থ হৈছে । আনহাতে, ভূৱনেশ্বৰ কুমাৰৰ নেতৃত্বাধীন বলিং টীমে দ্ৰুত বলিঙৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শন আগবঢ়াইছে ৷ এইক্ষেত্ৰত দলটোৰ ফাষ্ট বলাৰ টি নটৰাজনে অধিনায়ক পেট কামিন্স আৰু জয়দেৱ উডানকাটৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰা দেখা গৈছে ৷

এই দলটোৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ বেটিং বিভাগ । ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাৰ যুটিটোৱে আই পি এলৰ এই চিজনত এক আলোড়ন সৃষ্টি কৰিছে । এই যুটিটোৱে পাৱাৰপ্লে-ত দুবাৰকৈ 100 তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে ৷ যাৰ ভিতৰত আছে সৰ্বাধিক 125 ৰাণৰ পাৱাৰপ্লে স্ক'ৰ । এই দলটোৱে চলিত ছিজনত আই পি এল ইতিহাসৰ সৰ্বাধিক স্ক'ৰ (287 ৰাণ) সংগ্ৰহ কৰি অভিলেখ গঢ়ে ৷

কে কে আৰ বনাম এছ আৰ এইচৰ মুখামুখি :

কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজৰ প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে ক'বলৈ গ'লে, কে কে আৰৰ আধিপত্য অধিক হোৱা দেখা গৈছে ৷ দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ 26 খন মেচ অনুষ্ঠিত হৈছে ৷ য’ত কলকাতাই জয় লাভ কৰে 17 খন মেচত ৷ বিপৰীতে হায়দৰাবাদে 9 বাৰকৈ মেচত বিজয়ী সাব্যস্ত হয় ৷

শেহতীয়া 5 খন খেলত কে কে আৰে 3 বাৰ বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় ৷ এই ছিজনত দুয়োটা দলৰ মাজত খেলা একমাত্ৰ খেলখনত কে কে আৰে হায়দৰাবাদক পৰাস্ত কৰে 4 ৰাণত । মঙলবাৰৰ মেচখনত দুয়োটা দল যথেষ্ঠ চাপত থকাৰ অনুমান প্ৰকাশ কৰা হৈছে ৷ চাপ সহ্য কৰিব পৰা দলটোৱে মেচৰ বিজয়ী হিচাপে শেষ হাঁহি মাৰিব ৷

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচ ৰিপ’ৰ্ট :

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচৰ বিষয়ে ক’বলৈ হ’লে ই বেটছমেনসকলৰ বাবে যথেষ্ঠ সহায়ক । যাৰ ফলত প্ৰায়ে হাই স্ক’ৰিং মেচ অনুষ্ঠিত হোৱা দেখা যায় । ষ্টেডিয়ামৰ পিটচখন ক'লা মাটি আৰু ৰঙা মাটি দুয়োবিধেৰে নিৰ্মিত ।

উল্লেখ্য যে, ৰঙা মাটিৰ পিটচ স্পিনাৰ বলাৰসকলৰ বাবে যথেষ্ঠ সহায়ক । আনহাতে, ক'লা মাটি থকা পিটচ দ্ৰুত বলাৰসকলৰ সহায়ক, কিয়নো ইয়ে বলাৰসকলক বাউন্স আৰু চুইং প্ৰদান কৰে ।

দুয়োটা দলৰ সম্ভাৱ্য প্লেয়িং-11

কলকাতা নাইট ৰাইডাৰ্ছ: ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ), সুনীল নাৰিন, ভেংকটেশ আয়াৰ, শ্ৰেয়ছ আয়াৰ(অধিনায়ক), ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, অনুকূল ৰয়, মিচেল ষ্টাৰ্ক, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ: ট্ৰেভিছ হেড, অভিষেক শৰ্মা, নীতিশ ৰেড্ডী, হেনৰিখ ক্লাসেন (উইকেটকীপাৰ), আব্দুল চামাদ, শ্বাহবাজ আহমেদ, পেট কামিন্স (অধিনায়ক), ভূৱনেশ্বৰ কুমাৰ, জয়দেৱ উনাদকট, বিজয়কান্ত ব্যস্কান্থ আৰু টি নটৰাজন ৷

লগতে পঢ়ক : খেল নহ’ল বৰ্ষাপাৰাত; দৰ্শকে ওভতাই পাব টিকটৰ সম্পূৰ্ণ মূল্য - RAJASTHAN ROYALS REFUND TICKETS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.