ETV Bharat / state

লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠীৰ বঁটা

author img

By

Published : Dec 24, 2021, 5:55 PM IST

বিশিষ্ট নাট পৰিচালক তথা নাট্য গোষ্ঠী অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠী 'তপস্যা'ৰ বিশেষ সন্মান(Tarun smriti smarak award to Dayal Krishna Nath) । চলিত বৰ্ষৰ তৰুণ স্মৃতি স্মাৰক বঁটা আগবঢ়োৱা হৈছে অসমৰ নাট্যকৰ্মীগৰাকীলৈ । ২০২২চনৰ ২ জানুৱাৰীত দয়াল কৃষ্ণ নাথক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব ।

Tarun smriti smarak award to Dayal Krishna Nath
লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠীৰ বঁটা

লখিমপুৰ, ২৪ ডিচেম্বৰ: অসমৰ বিশিষ্ট নাট পৰিচালক দয়াল কৃষ্ণ নাথলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ তৰুণ স্মৃতি স্মাৰক বঁটা(Tarun smriti smarak award-2021)। পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠী 'তপস্যা'ই নাট্যকৰ্মীগৰাকীলৈ এই সন্মানীয় বঁটা আগবঢ়াইছে(Dayal Krishna Nath honoured by West Bengal's organisation) । লখিমপুৰ জিলাৰ ফুলবাৰীৰ নাট্যগোষ্ঠী অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথক নতুন বছৰৰ ২ জানুৱাৰীত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব । শ্ৰীৰামপুৰৰ ৰৱীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া এক সাংস্কৃতিক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব ৷

নাটক আৰু লোক সংস্কৃতিৰ উত্তৰণৰ বাবে দেশৰ ভিন্ন প্ৰান্তত কাম কৰি অৱদান আগবঢ়াই অহাৰ বাবে দয়াল কৃষ্ণ নাথক এই বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি আয়োজক মণ্ডলীয়ে জনাইছে ৷ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১ নং মাজগাঁৱৰ শিক্ষাবিদ তথা লেখক মহেশ্বৰ নাথ আৰু সমাজসেৱিকা মাকন নাথৰ জ্যেষ্ঠ পুত্ৰ দয়াল কৃষ্ণ নাথে সৰুৰে পৰা নাটকৰ লগত জড়িত হৈ এই বিষয়ৰে পাঠ্যক্ৰম অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । তেওঁ অবিৰতভাৱে এই ক্ষেত্ৰখনৰ সৈতে কাম কৰি আহিছে ।

লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠীৰ বঁটা

ফুলবাৰীত অভিনৱ থিয়েটাৰ নামৰ নাট্যগোষ্ঠীৰ জন্ম দি বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহত নাটক মঞ্চস্থ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ তেওঁ সক্ষম হৈছে ৷ দয়াল কৃষ্ণ নাথ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ গ্ৰান্ট কমিটীৰ সদস্য আৰু তেওঁ ভাৰত চৰকাৰৰ ফ্লিম চেঞ্চৰ বর্ডৰ মাননীয় সদস্য আৰু লগতে তেওঁ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল'শ্বিপ প্ৰাপ্ত ব্যক্তি ৷

লগতে পঢ়ক:মুকালমুৱাৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.