ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 24, 2021, 9:01 AM IST

top10 news
শীৰ্ষ সংবাদ

পুৱা 9 বজাৰ দহটা শীৰ্ষ সংবাদ...

9 বজাৰ দহটা শীৰ্ষ সংবাদ-

সচাকৈয়ে NHPC ৰ পৰা ধন লৈছিল নেকি লুৰীণ জ্যোতি গগৈয়ে ?

এজন যুৱ নেতা, অসমৰ বৃহত্তম জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাক দীঘলীয়া সময়ৰ বাবে তেওঁ নেতৃত্ব দিছিল ৷ এই দায়িত্বতত থকাৰ সময়ত তেওঁ আছিল ৰাইজৰ পৰম আস্থাভাজন, পৰৱৰ্তী সময়ত কা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি তেওঁ হৈ পৰিছিল অসমৰ ৰাইজৰ হিয়াৰ আমঠু ৷

'Obscene' messages to girl students: প্ৰবক্তা আফ্তাফিজুৰক বৰ্খাস্ত দাবী তুলিলে অসম ছাত্ৰ পৰিষদে

প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াৰ(professor sending obscene messages to girl students) কাৰ্যক লৈ উত্তাল চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় ৷ মহাবিদ্যালয়খনৰ ইংৰাজীৰ বিভাগৰ প্ৰবক্তা ৰহমানে অশ্লীল মেছেজ দিয়া বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষক তথ্য সহকাৰে অভিযোগ দাখিল কৰিছিল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে ৷

Cabinet Meeting at Bongaigaon : বৈঠকৰ পূৰ্বে বজালী জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠক(Cabinet Meeting at Bongaigaon)ত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত প্ৰত্যেকগৰাকী মন্ত্ৰী বিধায়কক একোখন নিদিৰ্ষ্ট জিলাত উপস্থিত হৈ ৰাইজৰ অভাৱ, অভিযোগ, সমস্যা আদিৰ বুজ ল'বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

এটা গোচৰত জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবুৰ ৰহমানে

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে(CM SPECIAL VIGILANCE CELL) চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে চাইবুৰ ৰহমানৰ । দ্বিতীয়টো গোচৰৰ ক্ষেত্রত ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰে । মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জামিন সন্দৰ্ভত মুখ খুলিব বিচৰা নাই যদিও চাৰ্জশ্বিট(Chargesheet) সময়মতে দিয়া বুলি সদৰি কৰে ।

Dehing Patkai National Park: দিহিং পাটকাইৰ সমীপত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ আবাসিক ক'লনী

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dehing Patkai National Park)ৰ সমীপত নিৰ্মাণ হ'ব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আবাসিক ক'লনী ৷ ইতিমধ্যে এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৩২ বিঘা মাটি ৷

শিৱসাগৰত কথাশিল্পী ইমৰান শ্বাহৰ জন্মদিন উদযাপন

বিশিষ্ট সাহিত্যিক, কথাশিল্পী, পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ওপজা দিন (Birthday of Literary Imran Khan) ৷ শিৱসাগৰ জিলা সাহিত্য সভা (Asam Sahitya Sabha Sivasagar Committee) ৰ উদ্যোগত আৰু ৰংপুৰ সাহিত্য সভা (Rongpur Sahitya Sabha) ৰ সহযোগত তেওঁৰ শিৱসাগৰস্থিত বাসগৃহত উদযাপন কৰা হয় সাহিত্যিকগৰাকীৰ বিশেষ দিনটো ৷

আছুৰ আন এক কলংকিত অধ্যায়:মাছ বেপাৰীক ধন দাবী কৰি গ্ৰেপ্তাৰ আছু নেতা

অসমৰ স্বাভিমান সদৌ অসম ছাত্ৰ সন্থাৰ বাবে অতি লজ্জাজনক খবৰ । এইবাৰ মাছৰ বেপাৰীৰ পৰা ধন বিচাৰিলে আছু নেতাই । নামৰূপত আৰক্ষীৰ জালত পৰিল অভিযুক্ত দুই আছু নেতা ।

Comedian Veer Das at Kennedy Centre: অসমতো দাখিল হ’ল এজাহাৰ

কমেডিয়ান অভিনেতা বীৰ দাসৰ বিৰুদ্ধে কিয় অসমত দাখিল হ’ল এজাহাৰ (FIR filed against comedian veer das) ? সবিশেষ জানো আঁহক ৷

Missing Differently Abled Minor Boy from Karimganj: বাংলাদেশ পালেগৈ নেকি বিশেষভাৱে সক্ষম অভিজিৎ

কৰিমগঞ্জত সংঘটিত হৈছে অঘটন ৷ সীমা সুৰক্ষাৰ দায়িত্বত থকা বিএছ এফ (Border Security Force) আৰু আন্তৰ্জাতিক নদী সীমান্ত সুৰক্ষা (International river border protection )ৰ নাকৰ তলেৰে কৰিমগঞ্জৰ কুশিয়াৰা নদী পাৰ হৈ এজন যুৱক পালে গৈ বাংলাদেশ ৷ নদী সাঁতুৰি পাৰ হোৱা যুৱকজনৰ হাতত আছে এটা মোনাও ৷

বিনা বেতনে শিক্ষকতা কৰি অৱসৰ ল’লে দেৰগাঁৱৰ এগৰাকী শিক্ষাগুৰুৱে

শিক্ষক গনেশ সেনাপতিৰ চকুত চকুলো ৷ বিনা বেতনে ৩২ বছৰ শিক্ষকতা কৰি অৱশেষত দেৰগাঁৱৰ নাককাতি তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ ল’লে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গনেশ সেনাপতি (retired without wages despite working for 32 years)য়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.