Missing Differently Abled Minor Boy from Karimganj: বাংলাদেশ পালেগৈ নেকি বিশেষভাৱে সক্ষম অভিজিৎ

By

Published : Nov 23, 2021, 8:16 PM IST

thumbnail

কৰিমগঞ্জত সংঘটিত হৈছে অঘটন ৷ সীমা সুৰক্ষাৰ দায়িত্বত থকা বিএছ এফ (Border Security Force) আৰু আন্তৰ্জাতিক নদী সীমান্ত সুৰক্ষা (International river border protection )ৰ নাকৰ তলেৰে কৰিমগঞ্জৰ কুশিয়াৰা নদী পাৰ হৈ এজন যুৱক পালে গৈ বাংলাদেশ ৷ নদী সাঁতুৰি পাৰ হোৱা যুৱকজনৰ হাতত আছে এটা মোনাও ৷ এই সকলো দৃশ্য বন্দী হৈছে প্ৰত্যদৰ্শীৰ ম’বাইলত ৷ ইফালে কৰিমগঞ্জৰ ৰাঙামাটি অঞ্চলৰ পৰা নিখোঁজ হৈছে 16 বছৰীয়া বিশেষভাৱে সক্ষম অভিজিৎ দাস(Missing Differently Abled Minor Boy from Karimganj) ৷ ইফালে কুশিয়াৰা নদী পাৰ হোৱা যুৱকজন অভিজিৎ দাস বুলি চিনাক্ত কৰিছে অভিজিতৰ পৰিয়ালৰ লোকে ৷ উপায়হীন হৈ এতিয়া অভিজিৎ দাসৰ পৰিয়ালে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক(Superintendent of Police of Karimganj)ৰ কাষ চাপিছে ৷ সন্ধানহীন ল’ৰাটোক বাংলাদেশৰ পৰা উভতাই অনাৰ বাবে মঙলবাৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ ওচৰত এখন স্মাৰক পত্ৰও প্ৰদান কৰে অভিজিতৰ পিতৃ-মাতৃয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.