ETV Bharat / state

Dehing Patkai National Park: দিহিং পাটকাইৰ সমীপত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ আবাসিক ক'লনী

author img

By

Published : Nov 24, 2021, 8:35 AM IST

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dehing Patkai National Park)ৰ সমীপত নিৰ্মাণ হ'ব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আবাসিক ক'লনী ৷ ইতিমধ্যে এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৩২ বিঘা মাটি ৷

Largest residential colony will set up near Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্মাণ হ'ব সৰ্ববৃহৎ আবাসিক ক'লনী

মৰাণ, 24 নৱেম্বৰ : পূৱৰ আমাজন খ্যাত (The Amazon of the east) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dehing Patkai National Park)ৰ সমীপত নিৰ্মাণ হ'ব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আবাসিক ক'লনী(Largest residential colony in India) ৷

Largest residential colony will set up near Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্মাণ হ'ব সৰ্ববৃহৎ আবাসিক ক'লনী

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নামছাং চাহ বাগিচা (Namsang Tea Garden)ত প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আবাসিক ক'লনীৰ বাবে ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ৩২ বিঘা মাটি ৷

Largest residential colony will set up near Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্মাণ হ'ব সৰ্ববৃহৎ আবাসিক ক'লনী

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে আবাসীক ক'লনীৰ বাবে প্ৰয়োজনীয় ৩২ বিঘা ভূমিৰ সন্দৰ্ভত বিভাগীয় বিষয়াৰ লগত ইতিমধ্যে পৰ্যালোচনা কৰে ৷ সমান্তৰালভাৱে নামচাং চাহ বাগিচাত নিৰ্মাণ হৈ থকা চাহ জনগোষ্ঠীয় হাইস্কুলৰ কাম কাজৰো বুজ লয় বিধায়কগৰাকীয়ে ।

Largest residential colony will set up near Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্মাণ হ'ব সৰ্ববৃহৎ আবাসিক ক'লনী

অন্যহাতে ৩২ বিঘা ভূমি সামৰি বাগিচাখনত নিৰ্মান হ'ব লগা আবাসীক ক'লনীৰ কামৰ আধাৰশিলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, ২০০৪ চনত অভয়াৰণ্য হিচাপে স্থাপন কৰা দিহিং পাটকাইক ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে এক অধিসূচনাযোগে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে ৷

Largest residential colony will set up near Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিৰ্মাণ হ'ব সৰ্ববৃহৎ আবাসিক ক'লনী

লগতে পঢ়ক: ইউৰোপৰ আৰ্হিত তেজপুৰত নিৰ্মাণ হ'ব 45 ফুট উচ্চতাৰ ক্লক টাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.