ETV Bharat / state

আছুৰ আন এক কলংকিত অধ্যায়:মাছ বেপাৰীক ধন দাবী কৰি গ্ৰেপ্তাৰ আছু নেতা

author img

By

Published : Nov 23, 2021, 11:00 PM IST

অসমৰ স্বাভিমান সদৌ অসম ছাত্ৰ সন্থাৰ বাবে অতি লজ্জাজনক খবৰ । এইবাৰ মাছৰ বেপাৰীৰ পৰা ধন বিচাৰিলে আছু নেতাই । নামৰূপত আৰক্ষীৰ জালত পৰিল অভিযুক্ত দুই আছু নেতা ।

AASU
আছুৰ আন এক কলংকিত অধ্যায়

মৰাণ,২৩ নৱেম্বৰ : আছু নেতাৰ টাৰ্গেট এইবাৰ মাছ বেপাৰী (Fish traders) । মাছৰ বেপাৰীৰ পৰা ধন দাবী কৰি ৰঙা ঘৰৰ আলহী আছু নেতা । হয় আপুনি ঠিকে শুনিছে । অসমীয়াৰ আৱেগ সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student's Union) যেন সকলো মান-মৰ্যদা হেৰুৱাবলৈ আৰম্ভ কৰিছে । ধনদাবী যেন একাংশ আছু নেতাৰ এতিয়া একমাত্ৰ আহিলা । এইবাৰ চৰাইদেউ জিলাত সংঘটিত হ'ল তেনে এক ধনদাবীৰ ঘটনা ।

অভিযোগ অনুসৰি বৰহাটৰ পৰা নামৰূপ অভিমুখে গৈ থকা এখন মাছ ভৰ্তি বাহনৰ পৰা ৩০ হাজাৰ টকা দাবী কৰিছিল আছুৰ কেইগৰাকীমান নেতাই । বাহনখনে ধন দিবলৈ অমান্তি হোৱাত পুৱা ১০ বজাৰ পৰা বিয়লি ভাগলৈ মাছ ভৰ্তি বাহনখন আবদ্ধ কৰি ৰাখিলে আছু নেতাই । ফলত মাছসমূহ গেলিবলৈ আৰম্ভ কৰে । উপায়ন্তৰ হৈ মাছৰ বেপাৰীজনে আৰক্ষীৰ ওচৰত দাখিল কৰিলে আছুৰ বিৰুদ্ধে অভিযোগ । মাছ বেপাৰীৰ অভিযোগৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ ।

আছুৰ আন এক কলংকিত অধ্যায়:মাছ বেপাৰীক ধন দাবী কৰি গ্ৰেপ্তাৰ আছু নেতা

ইতিমধ্যে ঘটনাৰ অভিযুক্ত দুই আছু নেতা ক্ৰমে নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে মানসজ্যোতি চাংমাইয়ে পূৰ্বেও এই ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হৈছিল । যাৰ বাবে আছুৰ মজিয়াৰ পৰা নিলম্বিতও হ'বলগীয়াও হৈছিল চাংমাই ।

আছুৰ দৰে পৱিত্ৰ অনুষ্ঠানত থাকি এই ধৰণৰ কাৰ্যত লিপ্ত হোৱাক লৈ বহুতে গৰিহণা দিছে আছু নেতাসকলক । আৰক্ষীয়েও এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে । আনকি নামৰূপ আৰক্ষী থানাত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো একাংশ আছু কৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । মুঠতে একাংশ দুৰ্নীতিগ্ৰস্থ নেতাই আছুৰ দৰে এটা পৱিত্ৰ অনুষ্ঠানক কলংকিত কৰা দেখা গৈছে । কিন্তু মুখ্য উপদেষ্টা ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্যকে (Chief Advisor Samujjal Kumar Bhattacharya) ধৰি অসমৰ স্বাভিমান আছুৰ শীৰ্ষ নেতাসকলে সংগঠনটোৰ দুৰ্নীতিগ্ৰস্থ নেতাসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নে ? সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.