নলবাৰী, 23 নবেম্বৰ : কিছুদিন পূৰ্বে কমেডিয়ান অভিনেতা বীৰ দাসে(Comedian Veer Das) আমেৰিকাত কৰা এটা stand up comedy অনুষ্ঠানে দেশ জুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ, ইন্টাৰনেট যোগে বীৰ দাসৰ এই অনুষ্ঠান সম্প্ৰাচাৰ হোৱাৰক পিছতে ইয়াকলৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ এফালে, একাংশই হাস্য ৰসিকতা বুলি বীৰৰ অনুষ্ঠানটোত কোনো ভুল নাই বুলি কোৱাৰ লগতে আন একাংশই ইয়াক দেশদ্ৰোহ বুলি অভিহিত কৰিছে ৷
উত্তৰাখণ্ডৰ দেৰাদুনৰ নিৱাসী বীৰৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় জনতা যূৱ মৰ্চা(Bharatiya Janta Party)ই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে (FIR filed against comedian veer das) ৷ বিশেষকৈ, ভগৱান ৰামচন্দ্ৰ, সীতাদেৱী আৰু পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণক লৈ বীৰে কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভিত হৈছে ভাৰতীয় জনতা যূৱ মৰ্চা ৷ এই পৰিপ্ৰেক্ষিতত দেশৰ আন আন প্ৰান্তৰ মঙলবাৰে সমান্তৰালভাৱে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চা সভাপতি সুৰেশ কলিতায়ো এখন এজাহাৰ দাখিল কৰে ।
এই এজাহাৰ দাখিল কৰিবলৈ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, যূৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি গৌতম কাকতী, বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ দাসসহ অৰ্ধশতাধিক যুৱ মৰ্চাৰ কাৰ্যকৰ্তা হাজিৰ হয় ৷
লগতে পঢ়ক : Akhil Gogoi: আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ