Akhil Gogoi: আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ

author img

By

Published : Nov 23, 2021, 5:28 PM IST

as_ghy_05_mla_akhil_gogoi_in_court_7209925
Akhil Gogoi: আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ ()

মঙলবাৰে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi at district & sessions judge court kamrup (m) guwahati) ৷ ১৩৫ টাকৈ গোচৰত অভিযুক্ত অখিল গগৈ ৷ প্ৰয়োজনত আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু অখিল গগৈ (Akhil Gogoi ready to leave assembly membership for protest) ৷

গুৱাহাটী, 23 নৱেম্বৰ : আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈয়ো সাজু শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi ready to leave assembly membership for protest) ৷ মঙলবাৰে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হৈ এই মন্তব্য কৰে বিধায়কগৰাকীয়ে Akhil Gogoi at district & sessions judge court kamrup (m) guwahati)৷

তেওঁ কয় যে, ‘মই মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো । আন্দোলনৰ বাবে মই বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু আছো ৷’ মঙলবাৰে পুৰণি গোচৰৰ শুনানিৰ বাবে কামৰূপ জিলা জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় অখিল গগৈ ৷ গগৈৰ বিৰুদ্ধে আছে ১৩৫ টাকৈ গোচৰ ৷ এই কথা সদৰি কৰিছে খোদ বিধায়কগৰাকীয়ে ৷

আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ

আদালতত উপস্থিত হোৱা সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰি অখিল গগৈয়ে কয়, 'মোৰ বিৰুদ্ধে ১৩৫ টা গোচৰ চলি আছে । সেই গোচৰবোৰ হৈছে বৃহৎ নদীবান্ধ আন্দোলন(big dam protest)কে ধৰি লোহিয়া-পৃথানি-বুড়াকিয়াৰ ভূমি দখল(land encroachment by lohia prithani group)ৰ বিৰুদ্ধে আমি কৰা প্ৰতিবাদৰ গোচৰ। মোৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰৰ ভিত্তিতেই আজি উপস্থিত হৈছিলো আদালতত।’

অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰসমূহৰ ভিতৰত সোমবাৰে দুটা গোচৰৰ শুনানি গ্ৰহণ কৰা হয় আৰু মঙলবাৰে অৰ্থাৎ আজি দুটা গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছে ৷ এই সন্দৰ্ভতে বুধবাৰে পুনৰ আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ ৷

আনহাতে, ‘কা’ (CAA) আন্দোলন সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই ‘কা’ আন্দোলন স্তিমিত হৈছিল। ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ'ল, আন্দোলনৰ নামত নাচ-গান হ'ল । গতিকে ৰাজ্যবাসীক পুনৰ কা বাতিলৰ দাবীত ওলাই আহিবলৈ আহ্বান বিধায়কগৰাকীৰ ৷

লগতে পঢ়ক : জালুকবাৰী সমষ্টিৰ প্ৰয়াত সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.