ETV Bharat / state

জালুকবাৰী সমষ্টিৰ প্ৰয়াত সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Nov 23, 2021, 1:28 PM IST

cm-dr-himanta-biswa-sharma-arrived-at-the-residence-of-late-social-workers-in-jalukbari
জালুকবাৰী সমষ্টিৰ স্বৰ্গীয় সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নিজ সমষ্টি জালুকবাৰী সমষ্টিত(CM himanta biswa sarma visit jalukbari) | সমষ্টিটোৰ স্বৰ্গীয় সমাজকৰ্মী(Late Social Workers) সকলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে |

বাইহাটা , 23 নৱেম্বৰ : সোমবাৰে জালুকবাৰী সমষ্টিৰ প্ৰয়াত সমাজকৰ্মী তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি সকলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বাইহাটা চাৰিআলিৰ দক্ষিণ আগডলাৰ প্ৰয়াত দেৱেন শৰ্মাৰ বাসগৃহত উপস্থিত হয় ড° হিমন্ত বিশ্ব শৰ্মা (Himanta biswa sarma visit daben sarma's residence) ৷

cm-dr-himanta-biswa-sharma-arrived-at-the-residence-of-late-social-workers-in-jalukbari
জালুকবাৰী সমষ্টিৰ স্বৰ্গীয় সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা

বাইহাটা চাৰিআলিৰ জেষ্ঠ সমাজকৰ্মী প্ৰয়াত দেৱেন শৰ্মাৰ গৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকাহত তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

cm-dr-himanta-biswa-sharma-arrived-at-the-residence-of-late-social-workers-in-jalukbari
জালুকবাৰী সমষ্টিৰ স্বৰ্গীয় সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা

বেজেৰাৰ নিকতবৰ্তী শিমেলিবাৰী গাঁৱৰ নিবাসী তথা সমষ্টিটোৰ মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি হৈ অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰি যোৱা এগৰাকী সমাজকৰ্মী প্ৰয়াত আমজেদ আলীৰ গৃহতো পদাৰ্পন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰয়াত আমজেদ আলীৰ ঘৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে পৰিয়ালটিক যথেষ্ট উৎসাহিত কৰে বুলি অভিহিত কৰে অঞ্চলবাসী ৰাইজে ।

cm-dr-himanta-biswa-sharma-arrived-at-the-residence-of-late-social-workers-in-jalukbari
জালুকবাৰী সমষ্টিৰ স্বৰ্গীয় সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, উত্তৰ গুৱাহাটীৰ আন এগৰাকী সমাজকৰ্মী প্ৰয়াত শচীন ভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ তাৰোপৰি শুৱালকুছি গন্ধমৌৰ নিবাসী প্ৰয়াত সমাজকৰ্মী কবীন দাসৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Srimanta Sankaradeva University of Health Sciences: ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.