ETV Bharat / state

শিৱসাগৰত কথাশিল্পী ইমৰান শ্বাহৰ জন্মদিন উদযাপন

author img

By

Published : Nov 24, 2021, 8:16 AM IST

বিশিষ্ট সাহিত্যিক, কথাশিল্পী, পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ওপজা দিন (Birthday of Literary Imran Khan) ৷ শিৱসাগৰ জিলা সাহিত্য সভা (Asam Sahitya Sabha Sivasagar Committee) ৰ উদ্যোগত আৰু ৰংপুৰ সাহিত্য সভা (Rongpur Sahitya Sabha) ৰ সহযোগত তেওঁৰ শিৱসাগৰস্থিত বাসগৃহত উদযাপন কৰা হয় সাহিত্যিকগৰাকীৰ বিশেষ দিনটো ৷

literary imran khan birthday celebration in sivasagar
শিৱসাগৰত সাহিত্যিক ইমৰান শ্বাহৰ জন্মদিন উদযাপন

শিৱসাগৰ, 23 নৱেম্বৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি (Former President of Asam Sahitya Sabha) তথা কথাশিল্পী, বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ইমৰান শ্বাহ (Imran Shah) ৰ আজি 89 সংখ্যক ওপজা দিন (Birthday of Literary Imran Khan) ৷

সাহিত্যিকগৰাকীৰ জন্মদিন উপলক্ষে শিৱসাগৰ নগৰৰ ধাই আলিস্থিত তেওঁৰ নিজা বাসভৱনত অনুষ্ঠিত হয় ওপজা দিনৰ বিশেষ কাৰ্যসূচী । শিৱসাগৰ জিলা সাহিত্য সভা (Asam Sahitya Sabha Sivasagar Committee) ৰ উদ্যোগত আৰু ৰংপুৰ সাহিত্য সভা (Rongpur Sahitya Sabha) ৰ সহযোগত উলহ-মালহেৰে উদযাপন কৰা হয় সাহিত্যিকগৰাকীৰ ওপজা দিনটো ৷

শিৱসাগৰত সাহিত্যিক ইমৰান শ্বাহৰ জন্মদিন উদযাপন

জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক সন্তোষ দত্তই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে সাহিত্যাচাৰ্য তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন ৷ সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে উন্মোচন কৰে ইমৰান শ্বাহৰ পঞ্চম কাব্যগ্ৰন্থ ‘আৰু বৰষুণ’ আৰু প্ৰৱন্ধ সংকলন ‘উপকূল’ ।

লগতে পদ্মশ্ৰী ইমৰান শ্বাহে উন্মোচন কৰে ‘ভুৰুকা-বনবাসীৰ পৰা লিহিৰিবনলৈ’ নামৰ গ্ৰন্থখনি । একেটা অনুষ্ঠানতে ইমৰান শ্বাহ আৰু ড৹ প্ৰকাশ কটকীয়ে উন্মোচন কৰে ‘ইমৰান শ্বাহৰ গল্প শৈলীৰ বিশ্লেষণ’ আৰু ‘চুটি গল্প আৰু অন্যান্য প্ৰসংগ’ ।

জিলা সাহিত্য সভাই জানিবলৈ দিয়া মতে, কথাশিল্পীগৰাকীৰ 90 সংখ্যক জন্মদিৱসটো অসমত নাম থকা এক অনুষ্ঠান হিচাপে উদযাপন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : 89 বছৰত ভৰি দিলে সাহিত্যিক ইমৰাণ শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.