ETV Bharat / state

বিনা বেতনে শিক্ষকতা কৰি অৱসৰ ল’লে দেৰগাঁৱৰ এগৰাকী শিক্ষাগুৰুৱে

author img

By

Published : Nov 23, 2021, 10:20 PM IST

শিক্ষক গনেশ সেনাপতিৰ চকুত চকুলো ৷ বিনা বেতনে ৩২ বছৰ শিক্ষকতা কৰি অৱশেষত দেৰগাঁৱৰ নাককাতি তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ ল’লে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গনেশ সেনাপতি (retired without wages despite working for 32 years)য়ে।

Retired teacher Ganesh Senapati
চাকৰি জীৱনৰ পৰা অব্যাহতি শিক্ষক গনেশ সেনাপতিৰ

দেৰগাঁও, 23 নৱেম্বৰ: ‘এজন শিক্ষক একোডাল মমবাতিৰ নিচিনা ৷ যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে’ ৷ তেনে এক উদাহৰণ হৈছে দেৰগাঁৱৰ নাককাতি তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গনেশ সেনাপতি ৷

বিনা বেতনে সুদীৰ্ঘ 32 টাকৈ বছৰ শিক্ষকতা কৰি অৱশেষত জীৱনৰ এটা বেলা সামৰণি পৰিল শিক্ষক গনেশ সেনাপতি (Retired teacher Ganesh Senapati )ৰ ৷ শিক্ষক গনেশ সেনাপতিয়ে শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে লৈ সকলো বাধা নেওচি কেৱল কৰি গৈছিল নিজৰ কাম ৷ অৱশেষত চাকৰি জীৱনৰ পৰা অব্যাহতি ল’লে শিক্ষক গনেশ সেনাপতিয়ে ৷

Retired teacher Ganesh Senapati
শিক্ষক গনেশ সেনাপতিৰ চকুত চকুলো

যাৰ বাবে সোমবাৰে আনুষ্ঠানিক ভাৱে দেৰগাঁৱৰ নাচনীপাৰস্থিত তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গনেশ সেনাপতিক আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷

চাকৰি জীৱনৰ পৰা অব্যাহতি শিক্ষক গনেশ সেনাপতিৰ

হাঁহিমুখীয়া শিক্ষক গনেশ সেনাপতিৰ চকুত আজি চকুপানী ৷ কিয়নো সোমবাৰে বিনা বেতনে সুদীৰ্ঘ 32 বছৰৰ মূৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে নাককাতি তিনিচুকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকগৰাকী(non provincialised teacher Ganesh Senapati )য়ে ৷ সোমবাৰে এই বিদায় সভাখনত বিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে ।

বিদ্যালয়খনৰ শিক্ষক প্ৰভাত পূজাৰীয়ে আঁত ধৰা এই অনুষ্ঠানটিত শিক্ষক কৰ্মচাৰী সকলে বিদায়ী প্ৰধান শিক্ষক গৰাকীক সম্বৰ্ধনা পত্ৰ, সঁফুৰা, ধৰ্মগ্ৰন্থ আৰু অংগবস্ত্ৰৰে সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক: মাতাল শিক্ষকৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.