ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Aug 29, 2021, 3:05 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কেনে আছিল জনজাতীয় লোকসকলৰ অস্ত্ৰ ?

বৰ্তমানৰ ভাৰত, পাকিস্তান আৰু বাংলাদেশত বিয়পি পৰা ব্ৰিটিছ উপনিৱেশ শাসন কেৱল অত্যাচাৰ আৰু অত্যাচাৰেৰে ভৰি পৰিছিল । যদিও বহু অংশতে বিদ্ৰোহ আৰু বিপ্লৱ সচৰাচৰ দেখা গৈছিল কিন্তু ব্ৰিটিছে তেওঁলোকক সফলতাৰে দমন কৰিবলৈ সক্ষম হৈছিল ৷ ঝাৰখণ্ডৰ জনজাতীয় লোকসকলৰ বিদ্ৰোহৰ বাহিৰে সেয়া স্বাধীনতাৰ প্ৰথম যুদ্ধই হওক বা আন বহুতো ।

এতিয়াৰে পৰা কাজিৰঙাৰে পাৰ হোৱা তীব্ৰবেগী বাহনে ভৰিব লাগিব জৰিমনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বাৰিষা বানত ডুবাৰ পিছতে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হয় জীৱ-জন্তুবোৰৰ মাজত ৷ বহু প্ৰাণী বানৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ঢাপলি মেলে ওখ পাহাৰলৈ ৷ ফলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু ঘটে বহু জীৱৰ ৷ কিন্তু এই মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ উদ্যান কৰ্তৃপক্ষই এইবেলি গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷

মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষা ৷ কেন্দ্ৰীক নীতি-নিৰ্দেশনাত যথেষ্ট শিথিলতা দিয়াৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্তেম্বৰ মাহত বিশেষ পৰীক্ষাকেইটা অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত

দুৰ্ঘটনাত পতিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন ৷ দেওবাৰে নগাঁও অভিমুখে গৈ আছিল মন্ত্ৰী কেশৱ মহন্তৰ কনভয় ।

পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ

পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত হোৱা এটি অসহায় বৃদ্ধ দম্পতি ৷ পিতৃ-মাতৃৰ দায়িত্ব সামৰাৰ পাচত বৃদ্ধাৱস্থাত পিতৃ-মাতৃক নিঠৰুৱা কৰিছে দুই পুত্ৰ সন্তানে ৷ পুত্ৰৰ অৱহেলাৰ বাবে শোকত ভাগি পৰা এই দুৰ্ভগীয়া পিতৃ-মাতৃয়ে জীৱনৰ বাকীচোৱা সময়ত লাভ কৰিবনে অকণমান সঁহাৰি?

অভিনেতা অৰমান কোহলীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ অভিনেতা অৰমান কোহলী ৷ এই কথা সদৰী কৰিছে নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰোৰ এগৰাকী উচ্চ পদস্থ বিষয়াই ৷

গ্ৰেপ্তাৰ হ’ল কাজিৰঙাৰ গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ড

কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান ৷ কাজিৰঙাৰ এশিঙীয়া খড়্গৰ গঁড় চাবলৈ প্ৰতিবছৰে সহস্ৰাধিক পৰ্যটকৰ কাজিৰঙালৈ আগমণ ঘটে ৷ কিন্তু চোৰাং চিকাৰ বাবে প্ৰতিবছৰে বহু গঁড় মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷ এনে সময়তে চোৰাং চিকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী আৰু বন বিভাগ ৷

ফণীধৰ তালুকদাৰ বিজেপি গমনক লৈ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত 24 আগষ্টত অসম অসামৰিক সেৱাৰ (ACS) বিষয়া চাইবুৰ ৰহমানক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল । চাইবুৰ ৰহমানৰ বিশাল সম্পত্তি সন্দৰ্ভত সম্প্ৰতি অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকী কিংবদন্তি ধ্যান চান্দক স্মৰণ

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই দিনটোত বিভিন্ন বয়সৰ খেলুৱৈয়ে কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰি উদযাপন কৰে ।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...

ভাৰতীয় হকী দলৰ অধিনায়ক মেজৰ ধ্যান চান্দৰ আজি জন্মদিন ৷ হকীৰ সম্ৰাটগৰাকীৰ জন্মদিনটো দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ৷ কলিয়াবৰৰ এগৰাকী হকী খেলুৱৈয়ে এই দিনটোত হকীৰ সম্ৰাটগৰাকীৰ বহু কথা সুঁৱৰি নিবেদিলে শ্ৰদ্ধা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.