মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

author img

By

Published : Aug 29, 2021, 12:55 PM IST

as_ghy_01_re-exam_story_hs_hslc_7209925
মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত ()

ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষা ৷ কেন্দ্ৰীক নীতি-নিৰ্দেশনাত যথেষ্ট শিথিলতা দিয়াৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্তেম্বৰ মাহত বিশেষ পৰীক্ষাকেইটা অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত ।

গুৱাহাটী, 29 আগষ্ট : ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ শিক্ষাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নহ'ল । তাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন ব্যৱস্থাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) মেট্ৰিক আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । যাক লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল । আনকি অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিবাদো কৰিছিল ।

অৱশ্যে ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীকলৰ বাবে শিক্ষা বিভাগে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ মূল্যায়নৰ ব্যৱস্থাত অকৃতকার্য হোৱা ৩০ হাজাৰৰো অধিক শিক্ষার্থীৰ ভিতৰত ২২ হাজাৰ শিক্ষার্থীয়ে ছেপ্টেম্বৰত হ'বলগীয়া বিশেষ পৰীক্ষাত অৱতীর্ণ হ'ব ।

as_ghy_01_re-exam_story_hs_hslc_7209925
ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব মেট্ৰিকৰ বিশেষ পৰীক্ষা

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ ফলাফলত অনুত্তীর্ণ হোৱা ২৫০০ গৰাকী শিক্ষার্থীৰ ভিতৰত পুনৰ পৰীক্ষাত বহিব ১,৮০০ গৰাকী শিক্ষাৰ্থীয়ে ।

উল্লেখ্য যে, ক'ভিড সংক্ৰমণৰ বাবে এই বছৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰি মূল্যায়নৰ ব্যৱস্থাৰে ফলাফল ঘোষণা কৰা হৈছিল । এইবাৰৰ ফলাফলে উত্তীর্ণৰ হাৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে যদিও ফলাফলত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প হিচাপে বিশেষ পৰীক্ষা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ’ল কাজিৰঙাৰ গড় চিকাৰৰ মাষ্টাৰ মাইণ্ড

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ ফলাফলত ৪,২৬,৫৫৩ শিক্ষার্থীৰ ভিতৰত ৩,৯৭,১৩২ গৰাকী শিক্ষার্থীয়ে কৃতকার্যতা লাভ কৰে যদিও ২৯,৪২১ শিক্ষার্থী অনুত্তীর্ণ হয় । আনহাতে, হাইমাদাছাৰ মূল্যায়নৰ ফলাফলত ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১১,৪৩৮ শিক্ষার্থী উত্তীর্ণ হয় আৰু ৮৬৭ গৰাকী শিক্ষার্থী বিফল হয় । হাইস্কুল শিক্ষান্ত আৰু হাইমাদাছাৰ অনুত্তীৰ্ণ মুঠ ৩০,২৮৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰায় ২২ হেজাৰ শিক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাৰ বাবে ইতিমধ্যে আবেদন জনাইছে ।

as_ghy_01_re-exam_story_hs_hslc_7209925
ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব হায়াৰ ছেকেণ্ডাৰীৰ বিশেষ পৰীক্ষা

একেদৰে দ্বাদশ শ্ৰেণীৰ মূল্যায়নৰ ফলাফলত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত উত্তীর্ণৰ হাৰ হৈছে ক্ৰমে ৯৮.৯৩ শতাংশ, ৯৯.৫৭ শতাংশ আৰু ৯৯.০৬ শতাংশ । কলা শাখাত ২,০৬২ গৰাকী, বাণিজ্য শাখাত ৭৯ গৰাকী আৰু বিজ্ঞান শাখাত ৩৬২ গৰাকী শিক্ষার্থীহে অনুত্তীর্ণ হয় ।

দ্বাদশ শ্ৰেণীৰ মূল্যায়নৰ ফলাফলত অসফল হোৱা ২,৫০৩ শিক্ষার্থীৰ ভিতৰত ১,৮০০ গৰাকীয়ে বিশেষ পৰীক্ষাৰ বাবে আবেদন জনাইছে । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাত অৱতীর্ণ হ'বলৈ বিচৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই মূল্যায়নৰ ফলাফলত অনুত্তীৰ্ণ হোৱা । আনহাতে, অতি নগণ্য সংখ্যক শিক্ষার্থীয়ে উত্তীর্ণ হোৱাৰ পাছত ফলাফলক লৈ অসন্তুষ্ট হৈ বিশেষ পৰীক্ষাত বহিবলৈ বিচাৰিছে ।

অফলাইনত অর্থাৎ পৰীক্ষা কেন্দ্ৰত দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা পৰিষদ আৰু শিক্ষা সংসদে স্বাস্থ্য বিভাগৰ পৰা অনুমতি ল'ব লাগিব । অৱশ্যে ছেপ্তেম্বৰ মাহৰ পৰা ক'ভিড কেন্দ্ৰীক নীতি-নিৰ্দেশনাত যথেষ্ট শিথিলতা দিয়াৰ সম্ভাৱনা আছে । তাৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহত বিশেষ পৰীক্ষাকেইটা অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত ।

লগতে পঢ়ক : আৰক্ষীৰ গুলীত থকা-সৰকা ডকাইতৰ দল, নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.